যোৰাবাটৰ ১১ মাইলত ভয়ংকৰ ভূমিস্খলন:গুৰুতৰভাৱে আহত এজন 

bhu

গুৱাহাটী মহানগৰীত যোৱা দুদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।যোৰাবাট আৰক্ষী চকীৰ অন্তৰ্গত ১১ মাইলত হৈছে এই ভূমিস্খলন। ভূমিস্খলনৰ ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে হেমেশ্বৰ বৰা ওৰফে বি বৰা (৬০)।

 

জানিব পৰা অনুসৰি বৃদ্ধি লোকগৰাকীয়ে যোৰবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা নিজ হোটেলৰ কামত ব্যস্ত হৈ থকাৰ সময়তে হঠাৎ ভূমিস্খলন হয়।ফলত কাম কৰি থকাৰ অৱস্থাতে হেমেশ্বৰ বৰাৰ দুয়োখন ভৰি মাটিৰ তলত পোত যায়।ইফালে ঘটনাৰ খবৰ পাই যোৰাবাট আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত বৰাক উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ সংকটজনক অৱস্থাত প্ৰেৰণ কৰিছে।

Your Comments