কংগ্ৰেছৰ বাবে আন এক দু:সম্বাদ।মৰিয়নী সমষ্টিৰ বৰ্তমানৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে যোগদান কৰিবলৈ আগবাঢ়িছে বিজেপি দলত।এই কথা আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে মৰিয়নী সমষ্টিৰ তিনিবাৰৰ বিধায়কগৰাকীয়ে।বিভিন্ন সময়ত বিধানসভাৰ বাহিৰে- ভিতৰে বিজেপি দলৰ উন্নয়নত সন্তুষ্ট নহয় বুলি কোৱা বিধায়ক কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বিজেপি দলে যদি তেওঁক মন্ত্ৰিত্ব দিয়ে আৰু তেওঁলোকৰ দললৈ তেওঁক নিমন্ত্ৰণ জনায়,নিশ্চয় তেওঁ বিজেপিত যোগদান কৰিব।
লগতে তেওঁ বিজেপি দললৈ কি কাৰণে যাব বিচাৰিছে সেই সন্দৰ্ভত তেওঁ কয়-'বৰ্তমান কংগ্ৰেছ দলৰ চৰকাৰ নাই।সমষ্টিবাসীৰ বাবে কি কৰিব পাৰিম,কি কৰিব নোৱাৰিম,মনটো দোধোৰ-মোধোৰ লাগি আছে। বিজেপিৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে কিছু উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰা দেখা পাইছোঁ,কিন্তু কংগ্ৰেছ দলৰ বিধায়ক হিচাপে মোক জড়িত কৰা নাই।ফলত,ৰাইজৰ কামসমূহ ভালদৰে কৰি দিব পৰা নাই।' লগতে তেওঁ ৰাজনীতিত অহা প্ৰসংগ উল্লেখ কৰি কয় -'মাতৃৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰা আৰু মৰিয়নী সমষ্টিৰ উন্নয়ন সাধন কৰা।' কিন্তু, কংগ্ৰেছ দলত থকাৰ বাবে বৰ্তমান সমষ্টিবাসীৰ কিছু কাম কৰিব পৰা নাই বুলি ক'ৰবাত অনুমান হৈছে।তাতে কিছুসংখ্যক শুভাকাংক্ষীয়ে সমষ্টিবাসী ৰাইজৰ উন্নয়নৰ বাবে বিজেপিত যোগদান কৰিবলৈ আহ্বানো জনাইছে।তাৰ বাবে বিজেপিত যোগদান কৰাৰ বাবে চিন্তা কৰা বুলি তেওঁ জানিবলৈ দিয়ে।
লগতে তেওঁ কয় যে অধ্যক্ষ ৰাহুল গান্ধীয়ে ইতিমধ্যে নিজৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছে।এতিয়া অসম প্ৰদেশ কংগ্ৰেছে দলটোক আগবঢ়াই নিয়াৰ বাবে যদি কোনো ব্যৱস্থা নলয়,তেতিয়াতো মই ৰাইজক সেৱা কৰিব লাগিব। সেই বাবে মই এতিয়া দোধোৰ-মোধোৰত আছোঁ।বিজেপিত যোৱাটোক লৈ এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই।কিন্তু ৰাইজৰ হেঁচা পালে নিশ্চয় বিজেপি দলত যোগদান কৰিম।
- Log in to post comments
- 32 views