ধেমাজিৰ বোমা বিস্ফোৰণৰ চূড়ান্ত ৰায়দান:১৫ জন অভিযুক্তৰ ৬ জনক দোষী সাব্যস্ত

dhemaji

সুদীৰ্ঘ ১৫ বছৰৰ পিছত ধেমাজিৰ বোমা বিস্ফোৰণৰ চূড়ান্ত ৰায়দান কৰে ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতে।মুঠ ১৫ জন অভিযুক্তৰ ৬ জনক  দোষী সাব্যস্ত কৰে আদালতে। আদালতে দোষী সাব্যস্ত কৰা অভিযুক্তকেইজন হৈছে যতীন দুৱৰী,লীলা বৰুৱা,লীলা খান,দিপাঞ্জলী গোহাঁই, মুহি সন্দিকৈ,প্ৰশান্ত ভূঞা আৰু হেমেন গগৈ।আনহাতে, আদালতে আজি দোষমুক্ত কৰে আন আঠজন অভিযুক্তক।সেইকেইজন হৈছে জয়া চুতীয়া, মীন বৰুৱা,জিতেন চুতীয়া,অপ্সৰা বৰুৱা,গোবিন কলিতা, জয়চন্দ্ৰ চুতীয়া,জয়নাথ গগৈ আৰু মোহন চুতীয়াক।ইফালে,ঘটনাৰে জড়িত আন এজন অভিযুক্তৰ ইতিমধ্যে মৃত্যু হৈছে।

 

উল্লেখ্য যে ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজি মহাবিদ্যালয়ৰ স্বাধীনতা দিৱসৰ পতাকা উত্তোলনস্থলীত আলফা(স্বা)ৰ দ্বাৰা সংঘটিত বোমা বিস্ফোৰণত মৃত্যু হৈছিল ১০ টাকৈ শিশুসহ তিনিগৰাকী মহিলাৰ।ইয়াৰ উপৰিও পংগু হৈছিল একাংশ শিশু।তাৰ পিছতে ২০১১ চনত অভিযুক্তৰ বিৰুদ্ধে তদন্ত কৰি অসম আৰক্ষীয়ে অভিযুক্তৰ ১৫ জনৰ ১৪ জনৰ বিৰুদ্ধে আদালতক দাখিল কৰিছিল অভিযোগনামা।

 

সেই অভিযোগনামাত ৫৫ গৰাকী সাক্ষীয়ে আদালতত সাক্ষ্য প্ৰদান কৰাৰ পিছত আজি আদালতে প্ৰদান কৰে চূড়ান্ত ৰায়দান।ইফালে দোষী সাব্যস্ত হোৱা অভিযুক্তসকলৰ শাস্তি কি হ'ব,সেই কথা বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই।

Your Comments