গড়কাপ্তানী বিভাগৰ একাংশ বিষয়াক লগত লৈ আজি গুৱাহাটীৰ ৰাজপথত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।আজি পুৱাভাগতে মন্ত্ৰীগৰাকীয়ে পৰিদর্শন কৰিলে গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰৰ সমীপত থকা 'ফুট অভাৰ ব্ৰীজ'।ফুট অভাৰ ব্ৰীজখন পৰিদর্শন কৰি মন্ত্ৰী শৰ্মাই গড়কাপ্তানী বিভাগৰ বিষয়াসকলক মন্দিৰলৈ অহা ভক্তসকলৰ সুবিধা হোৱাকৈ আধুনিক পদ্ধতিৰে আৰু এখন নতুন "ফুট অভাৰ ব্ৰীজ" নিৰ্মাণ কৰিব পৰা যায় নেকি,তাৰ জৰীপ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।য'ত ভক্তসকলৰ সুবিধা হোৱাকৈ এক্সেলেটৰ আৰু লিফ্টৰ সুবিধাসমূহ থাকিব।
ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে পৰিদর্শন কৰে গুৱাহাটী মেডিকেল কলেজ। মেডিকেল কলেজখন পৰিদর্শন কৰি মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খন সম্প্ৰসাৰণ আৰু মেৰামতিৰ কাম-কাজ সন্দৰ্ভত বৈঠকত মিলিত হয়।
- Log in to post comments
- 17 views