যোৱা কেইবাদিনো ধৰি উত্তৰ-পূৰ্বাঞ্চলত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত ফেনেফোটোকাৰে বৃদ্ধি পাইছে লুইতৰ জলস্তৰ।লুইতৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে মাজুলী জিলা প্ৰশাসন আৰু আভ্যন্তৰীণ জল পৰিবহন বিভাগে সাময়িকভাৱে বন্ধ ৰাখিছে কিছুসংখ্যক ফেৰীৰ সেৱা।সেই অনুসৰি মাজুলী আৰু নিমাতীঘাটৰ মাজত লুইতত চলাচল কৰা এটা ইঞ্জিনচালিত সকলোবোৰ ফেৰীৰ সেৱা ইতিমধ্যে বাতিল কৰা হৈছে।ফলত,প্ৰাপ্ত খবৰ অনুসৰি মাজুলী আৰু নিমাতীঘাটত যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।জানিব পৰা অনুসৰি বৰ্তমান তিনিখন ফেৰী ঘাট দুটাৰ মাজত চলাচল কৰি আছে যদিও যাত্ৰীৰ অনুপাতে তিনিখন ফেৰী কম হোৱা বুলি জানিব পৰা গৈছে।
ইফালে প্ৰশাসনে জাৰি কৰা নির্দেশনাৱলী লুইতৰ জলস্তৰ হ্ৰাস নোপোৱা পৰ্যন্ত বাহাল থাকিব বুলি জানিবলৈ দিছে।
- Log in to post comments
- 11 views