অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ৩৫সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। '২০২০ বর্ষৰ পৰা ৰাজ্যৰ উচ্চতৰ মাধ্যমিকত হ'ব গুৰুত্বপূৰ্ণ পৰিৱৰ্তন।সেই অনুসৰি ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ পৰা সম্পূৰ্ণ পৃথক হ'ব উচ্চতৰ মাধ্যমিক শাখা।'অৰ্থাৎ কোনো বিশ্ববিদ্যালয়ৰ অধীনত নাথাকিব উচ্চতম মাধ্যমিক শাখা।ফলত বিশ্ববিদ্যালয়সমূহ কেৱল স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ দায়িত্ব থাকিব।
অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰীয়ে আৰু কয় যে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সংস্কাৰৰ বাবে ২০২০ বর্ষৰ পৰা উচ্চতৰ মাধ্যমিকৰ প্ৰতিটো পৰীক্ষাৰ হলত যাতে নকলৰ পয়োভৰ সম্পূৰ্ণৰূপে বন্ধ কৰিব পাৰি তাৰ বাবে পৰীক্ষাৰ কেন্দ্ৰসমূহত মোবাইল ফোনসমূহ নিষ্ক্ৰিয় কৰি তুলিব পৰা প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব।প্ৰয়োগ কৰা হ'ব 'জেমাৰ' নামৰ প্ৰযুক্তি প্ৰয়োগ কৰা হ'ব।
আনহাতে,আজিৰ এই অনুষ্ঠানতে বিগত বৰ্ষত উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাতে স্থান পাবলৈ সক্ষম হোৱা প্ৰতিগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক স্বৰ্ণ পদক প্ৰদান কৰা হয় অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা। লগতে অনুষ্ঠানত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যলয়ৰ সহ:অধীক্ষক মৃদুল কুমাৰ শৰ্মাক শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই 'মেন অৱ দ্য য়েৰ' বঁটা প্ৰদান কৰে।ইফালে,প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি "সাম্প্ৰতিক +২স্তৰৰ শিক্ষাধাৰা আৰু সংস্কাৰৰ প্ৰয়োজনীয়তা" বিষয়ত এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত বিষয়ত বক্তৃতা প্ৰদান কৰে অৱসৰপ্ৰাপ্ত অধ্যাপিকা,ৰাষ্ট্ৰীয় শিক্ষা,পৰিকল্পনা আৰু প্ৰশাসনীয় প্ৰতিষ্ঠান দিল্লীৰ ডঃ নীলম সুদ।ইফালে,অনুষ্ঠানত উপস্থিত থাকে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সঞ্চালক ডঃ দয়ানন্দ পাঠক,কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদৰ উত্তৰ-পূবৰ উপ-সঞ্চালক কিশোৰ কুমাৰ চৌধুৰীয়ে।
- Log in to post comments
- 217 views