অচিৰেই মাজুলী অন্তৰ্ভুক্ত হ'ব ৰে'লৱে মানচিত্ৰত

ra

মাজুলীবাসীৰ বাবে  সুখবৰ।অচিৰেই বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী অন্তৰ্ভুক্ত  হ'ব ৰে'লৱে মানচিত্ৰত।ইতিমধ্যে ভাৰতীয় ৰে'ল মন্ত্ৰণালয়ে নদী দ্বীপটোক ৰেলেৰে সংলগ্ন কৰাৰ বাবে আৰম্ভ কৰিছে জৰীপৰ কাম। ৰে'লৱে ব'ৰ্ডৰ এগৰাকী বিষয়া মুকেশ কুমাৰে জানিবলৈ দিয়া অনুসৰি মাজুলীক ৰে'লপথেৰে সংলগ্ন কৰাৰ বাবে প্ৰাথমিক জৰীপত দুটা পথৰ প্ৰস্তাৱ হাতত লোৱা হৈছে।তাৰে এটা পথ হ'ব গোগামুখ-ঢকুৱাখনা-কমলাবাৰী-গড়মূৰ হৈ যোৰহাটলৈ আৰু আনটো হৈছে হাৰমতীৰ পৰা বিহপুৰীয়া হৈ মাজুলীলৈ। গোগামুখ-কমলাবাৰী-যোৰহাটলৈ নিৰ্মাণ হ'ব লগা ৰে'লপথটো ১০০কিঃমিঃৰ। উক্ত পথছোৱাৰ জৰীপ কৰাৰ বাবে ২০১৭-১৮বর্ষতে বাজেটত ধন অনুমোদন কৰা হৈছিল।একেদৰে হাৰমতী-বিহপুৰীয়া হৈ মাজুলীলৈ সংযোগ কৰাৰ পথটোৰ দৈৰ্ঘ্য ৩৮কিঃমিঃ।এই পথছোৱাৰ জৰীপৰ বাবে ২০১৭চনৰ ২১ফেব্ৰুৱাৰীত ধন অনুমোদন জনোৱা হৈছিল।


ইফালে, ৰে'লপথৰ জৰীপৰ কাম সমাপ্ত হৈছে।তাৰ দ্বিতীয়টো পথৰ প্ৰতিবেদন ৰে'লৱে ব'ৰ্ডে লাভো কৰিছে।
আনহাতে গোগামুখ-কমলাবাৰী হৈ যোৰহাটলৈ নিৰ্মাণ কৰিব লগা পথটো জৰীপৰ প্ৰতিবেদন ৰে'লৱে বর্ডে চলিত বর্ষৰ ছেপ্টেম্বৰ মাহত লাভ কৰিব বুলি জানিবলৈ দিছে। গুৰুত্বপূৰ্ণ  যে দুয়োটা পথৰ প্ৰতিবেদন সম্পূৰ্ন পৰীক্ষা  কৰাৰ পিছত নিৰ্মাণ কৰা হ'ব পথ দুটা ।

Your Comments