স্মাৰ্ট পুলিচৰ ব্যৰ্থতা:লতাশিল আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰিৰ মূল অভিযুক্ত

yy

অসম আৰক্ষীক লজ্জাৱনত কৰা এটা ঘটনা সংঘটিত হ'ল।লতাশিল আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিলে উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰিৰ মূল অভিযুক্ত।হেণ্ডকাফসহ পলায়ন কৰা ধৃত অভিযুক্ত চোৰটোৰ নাম আজিজুৰ আলী।লতাশিল আৰক্ষীয়ে ধৃত চোৰটোক গ্ৰেপ্তাৰ কৰাৰ পিছত নিজৰ জিম্মাত ৰাখি আজি তদন্তৰ বাবে লতাশিল আৰক্ষীয়ে হাতগাঁৱলৈ নিছিল।সেই সময়তে স্মাৰ্ট আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিলে অভিযুক্ত আজিজুৰ আলীয়ে।

jj

উল্লেখ্য যে যোৱা বর্ষৰ ১৫ নৱেম্বৰতে সংঘটিত উগ্ৰতাৰা মন্দিৰৰ মূল বিগ্ৰহ চুৰিৰ কাণ্ড সংঘটিত হোৱাৰ পিছত যোৱা ১৯ জুনত লতাশিল আৰক্ষীয়ে মহানগৰীৰ চচলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।গুৰুত্বপূৰ্ণ কথা এই যে উগ্ৰতাৰাৰ বিগ্ৰহ চুৰিৰ ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে মাত্ৰ এইজনকে গ্ৰেপ্তাৰ কৰিছিল।কিন্তু দুৰ্ভাগ্যৰ কথা এই যে গ্ৰেপ্তাৰ কৰা একমাত্ৰ অভিযুক্তজনকো ধৰি ৰাখিব নোৱাৰিলে আৰক্ষীয়ে।

 

আনহাতে,ঘটনা সংঘটিত হোৱাৰ দুদিনমানৰ পিছতে লতাশিল আৰক্ষীয়ে নিজৰ দায় হাৰিবৰ বাবে কেইজনমান ড্ৰাগছ আসক্ত যুৱকক গ্ৰেপ্তাৰ কৰি ঘটনাটো তেওঁলোক জড়িত থকাৰ ৰূপ দিছিল।

Your Comments