ৰাজ্যৰ ভ্ৰাম্যমাণ থিয়েটাৰত পুনৰ অপদস্থ অভিনেত্ৰী। ২০১৯-২০ নাট্যবর্ষৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰৰ আগশাৰীৰ নাট্যগোষ্ঠী বৰদৈচিলা থিয়েটাৰত আনুষ্ঠানিকভাৱে চুক্তিবদ্ধ হোৱা জনপ্ৰিয় অভিনেত্ৰী প্ৰাঞ্জনা দত্ত অনানুষ্ঠানিকভাৱে চুক্তি বাতিল কৰিছে বৰদৈচিলা থিয়েটাৰৰ প্ৰয়োজক নজৰুল ইছলামে।এই সন্দৰ্ভত অভিনেত্ৰী প্ৰাঞ্জন দত্তই আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি কান্দোনত ভাগি পৰে। তেওঁ কয়-'আজি মই সংবাদমেল সম্বোধন কৰিব লগা হোৱাটো মোৰ বাবে দুৰ্ভাগ্যজনক কথ।'মোৰ সংবাদমেল ভ্ৰাম্যমাণ থিয়েটাৰৰ বিৰুদ্ধে নহয়,ভ্ৰাম্যমাণ থিয়েটাৰৰ সপক্ষে মোৰ এই সংবাদমেল। তেওঁ সমগ্ৰ বিষয়টোৰ বৰ্ণনা দি কয় যে বিগত সাত বছৰৰ বিৰতিৰ পিছত যোৱা বর্ষৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰত পুনৰ আত্মপ্ৰকাশ কৰিছিলোঁ। সেই অনুসৰি যোৱা বর্ষৰ হেঙুল থিয়েটাৰত থকাৰ পাছত ২০১৯-২০ নাট্যবর্ষৰ বাবে চুক্তিবদ্ধ হৈছিলোঁ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী বৰদৈচিলা থিয়েটাৰত।সেই অনুসৰি কিছুদিনৰ পূৰ্বে থিয়েটাৰখনৰ এইবর্ষৰ দুখন নাটকৰ ফটো,ভিডিঅ' ইতিমধ্যে শ্বুট কৰা হৈছিল।তাৰে এখন নাটকৰ ভিডিঅ' আৰু ফটো শ্বুট কৰোতে মোৰ কোনো আপত্তি নাছিল।কাৰণ মই ফটো আৰু ভিডিঅ' শ্বুট কৰোতে বুজি পাইছিলোঁ নাটকখনৰ চৰিত্ৰটো কেনেকুৱা হ'ব। কিন্তু অন্যখন নাটকৰ ফটো আৰু ভিডিঅ' শ্বুট কৰোতে মোৰ অলপ আপত্তি আছিল।কাৰণ মই সেই নাটকখনৰ বাবে ফটো আৰু ভিডিঅ' শ্বুট কৰোঁতে বুজি পোৱা নাছিলোঁ নাটকখনৰ চৰিত্ৰটো কি হ'ব। কিন্তু ভিডিঅ' আৰু ফটো শ্বুট কৰোতে এটা কথা অনুমান কৰিছিলোঁ নাটকখনৰ চৰিত্ৰটো পূৰ্বৰ বছৰ হেঙুল থিয়েটাৰত কৰি অহা এখন নাটকৰ সৈতে কিছু মিল থকা। তাৰ পিছতে নাটকখনৰ চৰিত্ৰটো বুজি উঠাৰ বাবে পৰিচালকক নাটকখনৰ স্ক্ৰিপ্ট বিচৰা হ'ল।কিন্তু পৰিচালকে নাট্যকাৰক নোসোধাকৈ স্ক্ৰিপ্ট দিব নোৱাৰো বুলি তেওঁ জনালে।লগতে জনালে পূৰ্বতে ভ্ৰাম্যমাণত স্ক্ৰিপ্ট কোনেও বিচৰা নাই।প্ৰথম ময়েই বিচাৰিছোঁ বুলি। কিন্তু অভিনেত্ৰী দত্তই প্ৰকাশ কৰা অনুসৰি পূৰ্বতে ভ্ৰাম্যমাণ থিয়েটাৰত ভৱেশ বৰুৱা আৰু হেমন্ত দত্তই স্ক্ৰিপ্ট পঢ়ি চাবলৈ মোক দিছিল। তাৰ বাবে মই স্ক্ৰিপ্ট পঢ়ি নোচোৱাকৈ বিশেষকৈ মই মোৰ নিজৰ চৰিত্ৰটো বুজি নুঠাকৈ ফটো আৰু গানৰ শ্বুট কৰাৰ বাবে আগ্ৰহী নাছিলোঁ। কাৰণ মই এটা কথা জানো -'চৰিত্ৰটো সততা আৰ দৃঢ়তাৰে কৰিব লাগিব।দর্শকসকলে মোৰ অভিনয় চাবৰ বাবে আহিব। মই মোৰ চৰিত্ৰতো ফুটাই তুলিব লাগিব।'সেই বাবে মই বুজি নোপোৱা চৰিত্ৰটোৰ বাবে স্ক্ৰিপ্টখন বিচাৰিছিলোঁ। তাৰ পিছত দুটা দিন ফটো আৰু ভিডিঅ শ্বুট বন্ধ আছিল। পুনৰ যোৱা ১২জুনত নাট্যগোষ্ঠীৰ পৰা দত্তক যোগাযোগ কৰি ভেল্লালৈ মাতি পঠালে।তাত যোৱাৰ পিছত অভিনেত্ৰীগৰাকীক স্ক্ৰিপ্টটো পঢ়ি চাবলৈ দিলে।চৰিত্ৰটো পঢ়ি তেওঁ জানিবলৈ দিলে পূৰ্বৰ বর্ষত তেওঁ হেঙুল থিয়েটাৰত কৰি অহা এখন নাটকৰ সৈতে বৰদৈচিলা থিয়েটাৰত এইবর্ষত তেওঁ কৰিব লগা নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ 'মহীয়সী' নাটকখনৰ ৯০% সাদৃশ্য আছে। তেতিয়া তেওঁক সাদৃশ্য থকা চৰিত্ৰসমূহ উলিয়াই দিবলৈ ক'লে।সেই কথা মানি তেওঁ তাতে প্ৰায় ২৯টাকৈ সংলাপৰ সাদৃশ্য উলিয়াই দিলে।তাৰ পিছত প্ৰদীপ দাস নামৰ এগৰাকী নাট্যগোষ্ঠীৰ লগত জড়িত থকা ব্যক্তিক সাদৃশ্যসমূহ দেখুৱাত তেওঁ অভিনেত্ৰীগৰাকীৰ সৈতে একমত হ'ল।
তাৰ পৰৱৰ্তী সময়ত প্ৰদীপ দাসে মিল থকা সংলাপসমূহ নাট্যকাৰক দেখুৱাবৰ বাবে লৈ গ'ল।তাৰ দুদিনৰ পিছত বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলামে অভিনেত্ৰী প্ৰাঞ্জনা দত্তক ফোন যোগে জনালে কোনো কাৰণতে সলনি নহয় নাটক।এতিয়া তুমি কি সিদ্ধান্ত লোৱা জনাব লাগে। ফোনটো পোৱাৰ পিছত অভিনেত্ৰীগৰাকীয়ে প্ৰয়োজক নজৰুল ইছলামক দুদিন সময় বিচাৰিলে।কিন্তু অভিনেত্ৰীগৰাকীয়ে সন্তানৰ স্বাস্থ্য সংক্রান্তীয় কাৰণত উক্ত দুদিনত জনাব নোৱাৰাত তিনিদিনৰ পাছত নাট্যগোষ্ঠীটোৰ পৰা দুজন প্ৰতিনিধিক অভিনেত্ৰীগৰাকীৰ ঘৰলৈ পঠিয়াই প্ৰয়োজকে।তাৰ পিছতে প্ৰতিনিধি দুজনে অৱগত কৰে বৰদৈচিলাৰ নাট্যগোষ্ঠীৰ সৈতে থকা তেওঁ চুক্তি বাতিল হৈছে।সেই খবৰ পোৱা লগে লগে অভিনেত্ৰী প্ৰাঞ্জনা দত্তক প্ৰযোজক ইছলামলৈ ফোন কৰাত তেওঁ কয়-"তুমি যথেষ্ট সময় ল'লা।ফটো শ্বুট আৰু ভিডিঅ' ৰেকৰ্ডিঙৰ কৰাৰ বাবে আমাৰ পলম হৈছে।তাৰ বাবে তোমাৰ লগতে চুক্তি বাতিল কৰা হৈছে"।সেই কথা প্রয়োজকগৰাকীৰ পৰা শুনাৰ পাছত অভিনেত্ৰীগৰাকীয়ে কয় আনুষ্ঠানিকভাৱে কৰা চুক্তি এখন এনেদৰে ভংগ হ'ব পাৰে নেকি?তেতিয়া প্ৰযোজক নজৰুল ইছলামে কয়-'আজিকালি এনেদৰেই ভংগ হ'ব চুক্তি।'
গুৰুত্বপূৰ্ণ কথা এই যে তেওঁ দর্শকসকলক উদ্দেশ্য কৰি কয়- যিসকলে ২০১৯-২০বর্ষৰ বাবে বৰদৈচিলা থিয়েটাৰত মই থকা বুলি জানি ইতিমধ্যে বুকিং কৰিছে,সেইসকলে মোক ক্ষমা কৰি দিব এই বর্ষত মই বৰদৈচিলাৰ সৈতে নাই।ইয়াৰ উপৰিও তেওঁ কয় চুক্তিবদ্ধ হোৱাৰ পিছতো মোৰ চুক্তি বাতিল হোৱাৰ অন্তৰালত যদি কাৰোবাৰ আক্ৰমণৰ বলি হৈছোঁ নাজানো।কিন্তু এটা কথা ঠিক বৰদৈচিলা থিয়েটাৰত চুক্তিবদ্ধ হোৱাৰ পিছত বহুত কাম কৰিবলৈ সুবিধা পাইয়ো বাদ দিছিলোঁ।এতিয়া কাইলৈৰ পৰা পৰিয়াল চলাবৰ বাবে ওলাই যাব লাগিব।লগতে কয় যদি কোনো নাট্যগোষ্টীৰ প্ৰয়োজকে এইবর্ষৰ বাবে মোক বিচাৰে তেন্তে মই সুখী হ'ম।
আনহাতে সংবাদ মেলতে তেওঁ আৱেগিক হৈ হুকহুকায় কান্দি কান্দি কয় -'প্ৰযোজকে আজি মোৰ পেটত গোৰ মাৰিছে। সেয়া আচলতে কৰিব নালাগিছিল।পুনৰ যেন আৰু কাৰো লগত এনে ঘটনা সংঘটিত নহয়।'লগতে সকলোকে আহ্বান জনায় 'ভ্ৰাম্যমাণ থিয়েটাৰ যুদ্ধক্ষেত্ৰ নহয়, ই কলাৰ সংমিশ্ৰণ। ইয়াত মৰম আৰু শ্ৰদ্ধা থকা উচিত"।
উল্লেখ্য যে বৰদৈচিলা থিয়েটাৰত এইবৰ্ষত উক্ত নাটকখনৰ পৰিচালক আছিল অভিজিৎ ভট্টাচাৰ্য।
- Log in to post comments
- 161 views