আজি সৈনিক শিল্পী,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫০সংখ্যক মৃত্যু দিৱস।কলাগুৰুক স্মৰণ কৰি আজি ৰাজ্যজুৰি পালন কৰা হৈছে 'বিষ্ণু ৰাভা দিৱস'। ১৯০৯ চনৰ ৩১জানুৱাৰীত বাংলাদেশৰ ৰাজধানী ঢাকাত জন্মগ্ৰহণ কৰা সৈনিক শিল্পীগৰাকীৰ মৃত্যু হৈছিল ১৯৬৯ চনৰ ২০ জুনত।
৬০ বছৰীয়া জীৱনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া সাহিত্য-সংস্কৃতিলৈ যি মহামূল্যৱান অৱদান আগবঢ়াই গ'ল,সেয়া অতুলনীয়।ৰাভা আছিল এগৰাকী অসাধাৰণ শিল্পী;যি সৃষ্টি কৰিছিল অতি উচ্চখাপৰ সুৰ,কবিতা,নাটক,চিত্ৰ-ভাস্কৰ্য।আনহাতে,সমাজৰ দৰিদ্ৰ বৰ্গক শোষণৰ পৰা ৰক্ষা কৰিবলৈ প্ৰতিক্ৰিয়াশীল চক্ৰৰ বিৰুদ্ধে আজীৱন বিপ্লৱ চলাই নিছিল এই মহান শিল্পীজনে।
তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত ৰাভাই উচ্চশিক্ষা গ্ৰহণৰ বাবে ঢাপলি মেলিছিল কলিকতালৈ। ৰিপন কলেজৰ পৰা ৰাভাই লাভ কৰিছিল বিএছচি ডিগ্ৰী।
তেজপুৰৰ বান থিয়েটাৰৰ সৈতে বিষ্ণুপ্ৰসাদ ৰাভাৰ আছিল ওতঃপ্ৰোত সম্পৰ্ক। ৰাভা অসমীয়া চলচ্চিত্ৰক্ষেত্ৰৰো এজন আগশাৰীৰ শিল্পী আছিল। তেওঁ 'চিৰাজ' কথাছবিৰ সংগীত পৰিচালনা কৰিছিল।'এৰা বাটৰ সুৰ' ছবিখনত তেওঁ অভিনয় কৰিছিল।
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰি আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে 'বিষ্ণু ৰাভা দিৱস'।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাইলছ ব্ৰনছন ছাত্ৰাবাসতো পুৱাই কলাগুৰুক স্মৰণ কৰা হয়।
- Log in to post comments
- 15 views