ড:হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ বিফলতাৰ জীয়া ছবি মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়

mmc

ৰাজ্যৰ স্বাস্থ্যখণ্ডত বৈপ্লৱিক উন্নয়ন হোৱা বুলি সততে ঢাক-ঢোল বজাই ফুৰা ক্ষমতাশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগত বিভিন্ন ব্যৰ্থতা প্ৰত্যক্ষ কৰা হৈছে।তাৰে উদাহৰণ ১৯৮৪ চনতে গুৱাহাটীত স্থাপন কৰা মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়।পূৰ্বৰ তুলনাত চিকিৎসালয়খনত আজি বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা।কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে ৰোগীৰ সংখ্যা বৃদ্ধিৰ পোৱাৰ পিছতো আজি পৰ্যন্ত চৰকাৰী চিকিৎসালয়খনত নাই উন্নত চিকিৎসা ব্যৱস্থা।আনহে নালাগে,মহানগৰৰ বহু লোকৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰপিছতে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হাস্পতালখনত আজি পৰ্যন্ত হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগে ব্যৱস্থা কৰিব নোৱাৰিলে 'আইচিইউ'ৰ।

 

ইফালে,গুৰুত্বপূৰ্ণ কথা এই যে হাস্পতালখনত প্ৰতি মাহত চিকিৎসকসকলৰ তৎপৰতাত প্ৰায় তিনিশৰো অধিক গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ সম্পন্ন হয়।কিন্তু দুৰ্ভাগ্যৰ কথা এই যে আইচিইউৰ সুবিধা নথকাৰ বাবে বহুসময়ত গুৰুতৰ অস্ত্ৰোপচাৰ কৰা ৰোগীক এএমচি হাস্পতাল কৰ্তৃপক্ষই গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিবলৈ বাধ্য হয়।

 চিকিৎসালয়খনৰ কৰ্তৃপক্ষই  জানিবলৈ দিয়া অনুসৰি ২০০৬ আৰু ২০১৩ চনতে ক্ৰয় কৰা দুটা পুৰণি ছন'গ্ৰাফীৰ মেচিনেৰে আজিও কৰিব লগা হয় ৰোগীৰ স্বাস্থ্য পৰীক্ষা। বৰ্তমান সময়ত ৰোগীৰ অনুপাতে আৰু দুটা ছন'গ্ৰাফীৰ মেচিনৰ প্ৰয়োজন যদিও এই ক্ষেত্ৰত কোনো সঁহাৰি নাই ৰাজ্যৰ স্বাস্থ্য বিভাগৰ। 

 

ইয়াৰ উপৰিও হাস্পতালখনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি ৯০ৰ দশকতে ক্ৰয় কৰা দুটা এক্স-ৰে মেচিন বৰ্তমান সময়ত হাস্পতালখনত আছে যদিও তাৰে এটা বিকল হোৱাত এটা এক্সৰে মেচিনেৰে দিনৰ পাছত দিন কৰি যাব লগা হৈছে ৰোগীক এক্সৰে।

 

হাস্পতালখনলৈ ৰোগীক অনা-নিয়াৰ কৰাৰ বাবে বৰ্তমান সময়ত দুখন পোন্ধৰ বছৰৰো অধিক পুৰণি এম্বুলেন্স আছে যদিও তাৰে এখনহে আজিৰ দিনত ব্যৱহাৰ কৰিব পৰা হৈ আছে। আনখন কাৰ্যক্ষম হৈ থকা নাই।হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগক এম্বুলেন্স বিচাৰি বাৰে বাৰে অৱগত কৰি আহিছে যদিও আজি পর্যন্ত গুৰুত্ব নাই স্বাস্থ্য বিভাগৰ।

 

আনহাতে,হাস্পতালখনৰ অতিৰিক্ত অধীক্ষক ডঃ মাধৱ চন্দ্ৰ ৰাজবংশীয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিয়াগোম স্বাস্থ্য বিভাগক উদেশ্য কৰি কয়- 'চৰকাৰে হাস্পতালখনৰ ওপৰত ভৰসা ৰাখি সমস্যাবোৰ সমাধান কৰক।লগতে আমাক কেৱল প্ৰয়োজনীয় সুবিধাবোৰ দিয়ক,আমি কাম কৰি দেখুৱাম।'

Your Comments