ছহিদ নীৰজ ছেত্ৰীৰ বাসভৱনলৈ আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰী সোণোৱালৰ

cm

ঝাৰখণ্ডত মাওবাদীৰে সংঘর্ষত প্ৰাণ হেৰুওৱা গহপুৰৰ কাউৰীপথাৰস্থিত বীৰ ছহিদ নীৰজ ছেত্ৰীৰ ঘৰত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। গহপুৰত উপস্থিত হৈ ছহিদ নিৰজৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালক সাক্ষাৎ কৰি ছহিদগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।লগতে পৰিয়ালবৰ্গক সমবেদনা জনায়। বীৰ ছহিদগৰাকীৰ পৰিয়ালক মুখ্যমন্ত্ৰীয়ে ২০লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াই। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মাওবাদীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি নিৰজ ছেত্ৰীয়ে দেখুৱাই থৈ গ'ল দেশপ্ৰেমৰ অন্য এক নিদৰ্শন।তেওঁৰ অদম্য সাহস,দেশপ্ৰেম আৰু আত্মবলিদানে নতুন প্ৰজন্মক দেশৰ প্ৰতি থকা গুৰুদায়িত্ব পালন কৰি যাবলৈ সদায় উদ্বুদ্ধ কৰিব। 

 

উল্লেখ্য যে ছহিদ নীৰজ ছেত্ৰীয়ে ২০১৪চনত এছএছবিত এজন জোৱান হিচাপে যোগদান কৰিছিল।বৰ্তমান ৩৫ নম্বৰ এছএছবি বেটেলিয়নৰ জোৱান আছিল নীৰজ ছেত্ৰী।ইফালে,অহা ডিচেম্বৰ মাহত বীৰ ছহিদগৰাকী বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল।  

 

মুখ্যমন্ত্ৰীৰ সৈতে বীৰ জোৱানজনৰ ঘৰত আজি উপস্থিত হয় নৱনিৰ্বাচিত সাংসদ পল্লৱলোচন দাস আৰু মন্ত্ৰী ৰঞ্জিত দত্ত ।

Your Comments