গুৱাহাটীৰ মহানগৰীৰ ৰাজপথত মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ ছাডেন ভিজিট।মন্ত্ৰীগৰাকীয়ে মহানগৰীৰ পদপথ সৌন্দৰ্যবৰ্ধনৰ কামৰ লগতে মহানগৰীত নিৰ্মাণ কৰি থকা কেইবাখনো 'ফুট ব্ৰিজ'ৰ কামৰ অগ্ৰগতি সম্পৰ্কে বুজ লয়। উল্লেখ্য যে প্ৰথমে মন্ত্ৰীগৰাকীয়ে মহানগৰীৰ ভৰলুমুখৰ পৰা জালুকবাৰীলৈকে পদপথৰ সৌন্দৰ্য বৰ্ধনৰ বাবে কৰি থকা কামৰ অগ্ৰগতিৰ সম্পৰ্কে নিজে উপস্থিত হৈ বুজ লয়।
তাৰ পিছতে, কামাখ্যা গেট আৰু মালিগাঁও চাৰিআলিত থকা এক্সেলেটৰ সুবিধা থকা 'ফুট অভাৰব্ৰিজ' দুখন পৰিদর্শন কৰে।তাৰ পিছতে মন্ত্ৰীগৰাকীয়ে মহানগৰীৰ চানমাৰিৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালৈকে চলি থকা পদপথৰ সৌন্দৰ্যবর্ধনৰ কামৰ অগ্ৰগতিৰ বুজ লয় ডঃ শৰ্মাই।নিৰ্দিষ্ট সময়ৰ ভিতৰত যাতে কাম শেষ হয়,তাৰ বাবে কামৰ গতি দ্ৰুত কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে।
ইয়াৰ পিছতে মন্ত্ৰীগৰাকী উপস্থিত হয় গণেশগুৰিত।তিনিমাহ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গণেশগুৰিত ৰাইজৰ সুবিধাৰ অৰ্থে যি উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰিছিল, তাত উপস্থিত হয় মন্ত্ৰী শৰ্মা। উপস্থিত হৈয়ে মন্ত্ৰীগৰাকীয়ে প্ৰস্তাৱিত উৰণীয়া সেতুখনৰ চানমাৰিৰ দিশৰ পৰা আৰম্ভ হোৱা কাম পৰিদর্শন কৰে।পৰিদর্শন কৰি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কামৰ সময়ত যান-বাহনৰ পথৰ কিছু সালসলনি কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰে।মন্ত্ৰীগৰাকীক সৈতে আজি বহুকেইজন বিষয়াও উপস্থিত থাকে।
- Log in to post comments
- 67 views