দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনত বিজেপি-অগপৰ চুক্তি অনুসৰি ৰাজ্যসভাৰ দ্বিতীয়খন আসন লাভ কৰাৰ পিছত বিনা প্ৰতিদ্বন্দিতাৰে অগপৰ প্ৰাৰ্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ৰাজ্যসভালৈ নিৰ্বাচিত হয়।শনিবাৰে আমবাৰীৰ দলৰ মুখ্য কাৰ্যালয়ত বৈশ্যক দলীয় সম্বৰ্ধনা জনোৱা হয়।অগপৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় নেতৃত্বৰ হৈ নৱনিৰ্বাচিত ৰাজ্যসভাৰ সাংসদগৰাকীক সম্বৰ্ধনা জনাই অগপৰ সভাপতি অতুল বৰা,কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু সাধাৰণ সম্পাদক ডাঃ কমলা কলিতাই।
তদুপৰি,নৱনিৰ্বাচিত সাংসদগৰাকীক অগপ বিধায়িনী পৰিষদ,অসম যুৱ পৰিষদ, মহিলা পৰিষদ, কৃষক পৰিষদ, শ্ৰমিক পৰিষদ আৰু জিলা সমিতিসমূহে সম্বৰ্ধনা জনায় ।কেন্দ্ৰীয় নেতৃত্বই বৈশ্যক এডাল ফুলৰ বৰমালা,গামোচা,জাপি আৰু এখন সম্বৰ্ধনাপত্ৰৰে দলীয় সম্বৰ্ধনা জ্ঞাপন কৰে।
আনহাতে,দলীয় সম্বৰ্ধনা গ্ৰহণ কৰি নৱনিৰ্বাচিত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয় যে দলটোত মাত্ৰ ১৪ গৰাকী বিধায়ক থকাৰ পিছতো ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাটো এটা ডাঙৰ কথা। এই ডাঙৰ কথাটোৰ আঁৰত সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে দলৰ অন্যান্য কাৰ্যকৰী সদস্যৰ কষ্ট জড়িত হৈ আছে।তেওঁ কয় যে মই ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাত দলৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিৰ ত্যাগ অপৰিসীম। ইফালে ৰাজ্যসভালৈ নিৰ্বাচিত কৰাৰ বাবে এখন আসন এৰি দিয়া বিজেপি দলকো কৃতজ্ঞতা জ্ঞাপন কৰে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই।তেওঁ আৰু কয়-অগপ দল জন্মৰ হোৱাৰ পৰাই দলৰ
কর্মী হিচাপে আছোঁ আৰু ভৱিষ্যতৰ দিনতো অগপতে থাকি কাম কৰি যাম।লগতে কয় যে পোৱা-নোপোৱাৰ দুখ সকলোৰে থাকে, কিন্তু তাৰ দুখ দলটোৰ ওপৰত জাপি দিব নালাগে।ইফালে ৰাজ্যসভালৈ দলৰ পৰা নিৰ্বাচিত হৈ যোৱা সন্দৰ্ভত তেওঁ কয় যে আমাৰ বহু সময়ত মতৰ অমিল থাকিব পাৰে।কিন্তু কোনোদিনে দলৰ বিৰূদ্ধে অভিযোগ অনা নাছিলোঁ আৰু দলৰ সিদ্ধান্তৰ বিৰুদ্ধে কেতিয়াও যোৱা নাছিলোঁ। সেই বাবে আজি দলৰ ফালৰ পৰা এই স্বীকৃতি পাইছোঁ।আমাৰ মাজত মতৰ অমিল থাকিব পাৰে,কিন্তু আমাৰ দলত বিসম্বাদ নাই।
আনহাতে,আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানতে দলৰ সভাপতিক উদ্দেশ্য কৰি তেওঁ কয় - সভাপতিয়ে যদি অনুমতি দিয়ে দিল্লীত অসম গণ পৰিষদৰ এটা কাৰ্যালয় তেওঁ খুলিব।দিল্লীত অগপ দলৰ নিষ্ঠাবান কৰ্মী হিচাপে কাম কৰি যাম বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে।
বৈশ্যই কয়-'মই ৰাজ্যসভাৰ সাংসদ হ'লেও নিমিত্ত মাত্ৰ। সদায় দলৰ স্বাৰ্থত কাম কৰাৰ বাবে দলীয় নেতৃত্বই মোক স্বীকৃতি দিছে। সদনত সদায় অসম আৰু অসমীয়াৰ হকে মাত মাতিম,লগতে দেশৰ উন্নতিৰ বাবে সদায় কথা কম।'
উল্লেখযোগ্য যে, ১৯৯৬ চনত মঙলদৈ লোকসভা সমষ্টিৰ পৰা আৰু ২০০৮ চনত ৰাজ্যসভালৈ মনোনীত হোৱা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সংসদীয় ৰাজনীতিত এয়া তৃতীয় বৰ্ণাঢ্য অভিষেক।
তদুপৰি,তদানীন্তন প্ৰধান মন্ত্ৰী এইচ ডি দেৱেগৌড়া আৰু ইন্দৰ কুমাৰ গুজৰাল নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ তীখা আৰু খনি দপ্তৰৰ কেবিনেট মন্ত্ৰী আছিল বৈশ্য।
ইফালে,আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয়- 'জাতীয়তাবাদ কেৱল শ্লোগানেৰে ৰক্ষা কৰিব নোৱাৰি, জাতীয়তাবাদ ৰক্ষাৰ বাবে গণভিত্তিৰ প্ৰয়োজন হয়।তাৰ বাবে আমি প্ৰয়োজনত মিত্ৰতা কৰিব লাগিব।'
আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত দলটোৰ প্ৰায়সংখ্যক সদস্য তথা নেতৃবৃন্দ উপস্থিত আছিল যদিও প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত উপস্থিত নাছিল।
উল্লেখ্য যে ২০২০ চনত জাপানত অনুষ্ঠিত হ'ব লগা টকিঅ' অলিম্পিকলৈ ভাৰতীয় দলৰ পৰা 'চীফ দ্য মিছন' হিচাপে নিৰ্বাচিত হৈছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য।
আগন্তক ১৪ জুনত ৰাজ্যসভাত খালি হ'ব লগা অসমৰ দ্বিতীয়খন আসনত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য অন্তৰ্ভুক্ত হ'ব।
- Log in to post comments
- 25 views