কেবিনেট মন্ত্ৰিত্ব এইবাৰো নাপালে উত্তৰ-পূবৰ সাংসদে:নিৰ্বাচনৰ সময়তে মনত পৰে নেকি 'অষ্টলক্ষ্মী'লৈ?

north

সকলো জল্পনা-কল্পনাৰ অৱসান ঘটনাই বৃহস্পতিবাৰে দিল্লীৰ ৰাষ্ট্ৰপতিৰ ভৱনত বহুকেইখন বিদেশী ৰাষ্ট্ৰৰ অতিথি,দেশৰ সকলো ক্ষেত্ৰৰ বচা বচা অতিথিৰ লগতে শাসক-বিৰোধী উভয় পক্ষৰ নেতৃবৃন্দৰ উপস্থিতত বিশাল-বৰ্ণাঢ্য আয়োজনত দ্বিতীয়বাৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোডীৰ লগতে তেওঁ মন্ত্ৰীসভাৰ ৫৭ জনকৈ মন্ত্ৰীয়ে। ২০১৪চনৰ তুলনাত ১২জনকৈ মন্ত্ৰীৰ সংখ্যা বৃদ্ধি পালে মোডীৰ দ্বিতীয়টো কাৰ্যকালৰ মন্ত্ৰীসভাত। দ্বিতীয়টো কাৰ্যকালৰ মন্ত্ৰীসভাত পূৰ্বৰ বহুকেইজন মন্ত্ৰীয়ে স্থান নোপোৱাৰ  বিপৰীতে ভাগ্য উদয় হ'ল বহুকেইখন নতুন মুখৰ। কিন্তু সলনি নহ'ল উত্তৰ-পূবৰ প্ৰতি দিল্লীৰ মাহীআইৰ দৃষ্টিৰ।পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি এইবাৰো দিল্লীৰ  কেবিনেটত উত্তৰ-পূবৰ এজনো সাংসদে নাপালে কেবিনেট মন্ত্ৰীৰ মৰ্যাদা। তাৰ পৰিৱৰ্তে উত্তৰ-পূবক কেৱল সান্ত্বনা দিয়াৰ মনোভাৱেৰে মোডী মন্ত্ৰীসভাত এজন স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী আৰু এজন ৰাজ্যমন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰিলে দুজন সাংসদক। 


সততে অষ্টলক্ষ্মী উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰৰ মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে উত্তৰ-পূবৰ কোনো এজন সাংসদ এইবাৰ অন্তৰ্ভুক্ত হ'ব বুলি আশা কৰিছিল যদিও শেষ মুহূৰ্তত সেয়া সম্ভৱ নহ'লগৈ।আনহে নালাগে,পূৰ্বৰ তুলনাত এইবাৰ উত্তৰ পূববাসীয়ে বিজেপিক অকলে জয়ী কৰোৱাইছিল ১৪খনকৈ আসনত।তাৰ উপৰিও এনপিপিৰ তিনিখন আসনৰ সৈতে উত্তৰ-পূবত এনডিএৰ  মুঠ আসনৰ সংখ্যা ১৭খনলৈ বৃদ্ধি হৈছিল।তথাপিও দিল্লীৰ মন্ত্ৰীসভাত উত্তৰ-পূবৰ এজনো মন্ত্ৰীয়ে নাপালে কেবিনেট মন্ত্ৰীৰ পদ। 


ইফালে,মোডীৰ মন্ত্ৰীসভাত এজন কেবিনেট মন্ত্ৰী হিচাপে ডিব্ৰুগড় লোকসভাৰ সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী অন্তৰ্ভুক্ত হ'ব বুলি সংসদীয় সমষ্টিটোত ৰাইজে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ফোন অহাৰ পিছতে উৎফুল্লিত হৈ সাংসদগৰাকীয়ে কেবিনেট মন্ত্ৰী হিচাপে মন্ত্ৰীসভাত স্থান লাভ কৰক বুলি বহুসংখ্যক মন্দিৰত পূজা-অৰ্চনাও কৰিছিল।

গুৰুত্বপূৰ্ণ কথা এই যে ২০১৪ চনত বিজেপিয়ে উত্তৰ পূবত লাভ কৰিছিল ৮খন আসন ।সেই সময়তো দুজন মন্ত্ৰীয়ে স্থান পাইছিল মোডীৰ মন্ত্ৰীসভাত।কিন্তু এইবাৰ আসনৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতো মোডীৰ মন্ত্ৰীসভাত বৃদ্ধি নহল উত্তৰ পূবৰ মন্ত্ৰীৰ সংখ্যা।সেয়েহে এতিয়া ৰাইজৰ প্ৰশ্ন-কিয় বাৰে বাৰে উত্তৰ-পূবৰ প্ৰতি দিল্লীৰ উপেক্ষা। লগতে প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন-ভোটৰ সময়ত অষ্টলক্ষ্মীৰ কথা মনত পৰা প্ৰধানমন্ত্ৰীৰ মন্ত্ৰিত্ব বিতৰণৰ সময়ত কিয় মনত নপৰে অষ্টলক্ষ্মীলৈ।

Your Comments