কণ্ঠশিল্পী সুবাসনা দত্তৰ ঘৰত চুৰি:চিচিটিভি খুলি লৈ গ'ল চোৰে

dutta

স্মাৰ্ট পুলিচৰ চকুত ধূলি দি মহানগৰীত অব্যাহত আছে চোৰৰ অভিযান। চোৰৰ বিৰুদ্ধে যিমানে নতুন নতুন কৌশল মহানগৰ আৰক্ষীয়ে গ্ৰহণ কৰিছে সিমানেই স্মাৰ্ট হৈছে মহানগৰৰ চোৰো।চুৰি  কৰিবলৈ আহি এইবাৰ চিচিটিভিত ধৰা পৰাৰ ভয়ত স্মাৰ্ট চোৰে খুলি লৈ গ'ল  চিচিটিভিয়েই। এই ঘটনা সংঘটিত হৈছে অসমৰ এগৰাকী জনপ্রিয় কণ্ঠশিল্পীৰ ঘৰত। মহানগৰীৰ বৰসজাইত থকা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তই ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ গীত পৰিৱেশনত ব্যস্ত থকাৰ সময়তে মঙলবাৰে নিশা কণ্ঠশিল্পীগৰাকীৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড। কণ্ঠশিল্পীগৰাকীৰ ঘৰৰ গ্ৰীল ভাঙি ভিতৰত প্ৰৱেশ কৰি চোৰে চলাই লুটপাত। অৱশ্যে কোনোধৰণৰ মূল্যৱান সামগ্ৰী চোৰে নিবলৈ সক্ষম নহ'ল। কিন্তু কণ্ঠশিল্পীগৰাকীৰ বিভিন্ন মূল্যৱান সামগ্ৰী নষ্ট কৰাৰ লগতে ভাঙি থৈ যায়।


উল্লেখ্য যে এই বর্ষৰ ৰঙালী বিহুৰ আৰম্ভণিতে বিহুমঞ্চৰ সাংস্কৃতিক সন্ধিয়াৰ গীত পৰিৱেশন কৰি উভতি আহোঁতে কণ্ঠশিল্পীগৰাকী ৰঙিয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ কথমপি প্ৰাণ ৰক্ষা পৰিছিল।তাৰ পিছত প্ৰায় এসপ্তাহ বিশ্ৰাম লৈ পুনৰ বিহু মঞ্চত আৰম্ভ কৰিছিল অনুষ্ঠান। 

 

ইফালে,এই চুৰিকাণ্ডৰ পাছতে এতিয়া কণ্ঠশিল্পীগৰাকীৰ লগতে পৰিয়ালটো তীব্ৰ নিৰাপত্তাহীনতাত ভোগা বুলি জানিবলৈ দিয়ে।

Your Comments