গুৱাহাটী মহানগৰীৰ যান্ত্ৰিকতাৰ মাজৰ পৰা কাৰ্বিভূমিৰ সেউজীয়া প্ৰকৃতিৰ বুকুত এপলক জিৰণি বিচাৰি গৈ একাংশ নৰপিশাচৰ নিৰ্দয় অত্যাচাৰত সেই সেউজীয়া প্ৰকৃতিৰ বুকুতে প্ৰাণ হেৰুৱাব লগা হোৱা অসমৰ সাংস্কৃতিক জগতৰ দুটা উজ্জ্বল নক্ষত্ৰ অভি-নীলৰ বুধবাৰে প্ৰথম মৃত্যু বার্ষিকী।কাৰ্বি আংলঙৰ কাংঠিলাংছো জলপ্ৰপাতৰ সেউজীয়া।প্ৰকৃতিৰ বুকুত দিনটোৰ জিৰণি উদযাপন কৰি বেলি লহিওৱাৰ পৰত ঘৰলৈ উভতিছিল দুই সুঠাম ডেকা। তেনেতে কাৰ্বিভূমিৰে একাংশ উন্মাদ নৰপিশাচে সোপাধৰাৰ সন্দেহত ডকমকাত দুই যুৱকক আগভেটি ধৰিছিল বাট। কেৱল বাট আগভেটি ধৰিয়েই মানুহৰূপী দানৱকেইটা ক্ষান্ত নাথাকিল, গাড়ীৰ পৰা নমাই সোপাধৰাৰ সন্দেহত ডকমকাৰ পথৰ ওপৰতে হানি-খুচি অত্যাচাৰ কৰি অৱশেষত হত্যা কৰিছিল অভিজিৎ আৰু নিলোৎপলক। আনহে নালাগে,অত্যাচাৰৰ সেই বৰ্বৰতা নৰপিশাচকেইটাই মোবাইলৰ জৰিয়তে সামাজিক মাধ্যমত বিয়পাই দিছিল।বাৰে বাৰে দুয়োগৰাকী যুৱকে নৰপিশাচকেইটাৰ ওচৰত প্ৰাণৰ মমতাত হাতযোৰ কৰি নিজৰ পৰিচয় দিছিল।কিন্তু এবাৰো বুজি নাপালে সেই উন্মাদ অসুৰবোৰে। ৰাজপথতে অভিজিৎ নাথ আৰু নিলোৎপল দাসক তেজেৰে লুতুৰী-পুতুৰী কৰিছিল। হাতযোৰ কৰি মাগিছিল প্ৰাণৰ ভিক্ষা। চিঞৰি কৈছিল 'মই অসমীয়া' হয়।কিন্তু হৃদয় গলা নাছিল সেই মানুহৰূপী দানৱৰ দলটোৰ।নিৰন্তৰ অত্যাচাৰ কৰি লভিছিল আসুৰিক তৃপ্তি।
তাৰ পিছতে সমগ্ৰ দেশতে এই নিৰ্দয়- কৰুণ বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।দাবী উঠিছিল হত্যাকাৰীকেইটাক শাস্তি হিচাপে ফাঁচী দিয়াৰ। সকলোৱে গৰিহণা দিছিল এই নিৰ্মম হত্যাকাণ্ডৰ।
আনহাতে,হত্যাকাণ্ডৰে জড়িত থকা ৪৫ টাকৈ অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।ঘটনাৰ বিচাৰ চলি আছে নগাঁও সত্ৰ ন্যায়ধীশৰ আদালতত। আনহাতে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত ৪৫টা অপৰাধীৰ জামিন আবেদনৰ ২১জুনত শুনানি আছে।
ইফালে ন্যায়ালয়ত চলি থকা দোষীৰ বিচাৰ প্ৰক্ৰিয়ালৈ এতিয়া আগ্ৰহেৰে বাট চাইছে অভিজিৎ-নিলোৎপলৰ ঘৰ দুখনৰ লগতে সমগ্ৰ ৰাজ্যবাসীয়ে।ইফালে আজি দুয়োখন ঘৰতে আয়োজন কৰা হৈছে বছেৰেকীয়া শ্ৰাদ্ধৰ।অসমবাসীয়ে আজি পুনৰ দাবী কৰিছে অভি-নীলৰ হত্যাকাৰীক অতি সোনকালে শাস্তি প্ৰদান কৰিব লাগে।
- Log in to post comments
- 23 views