এনআৰচিৰ ব্যাখ্যা আগবঢ়াবলৈ ৰাষ্ট্ৰসংঘলৈ যাব খিলঞ্জীয়া মঞ্চ,অসমৰ প্ৰতিনিধি

km

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এনআৰচি প্ৰক্রিয়াক ব্যাহত কৰিবলৈ এক অসম বিৰোধী শক্তিশালী চক্ৰই অহোপুৰুষাৰ্থ  চলাই আছে।তাৰ ভিতৰত উল্লেখযোগ্য হৈছে শুদ্ধ এনআৰচি প্ৰকাশত আৰম্ভণিৰে পৰা গুৰুত্ব দি থকা মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সেই দুষ্ট চক্ৰটোৱে বিভিন্ন সময়ত বিভিন্ন মিছা অভিযোগ উত্থাপন কৰি শুদ্ধ এনআৰচি প্ৰকাশত বাধাগ্ৰস্ত কৰিবলৈ বিচাৰিছে।তাৰ এটা উদাহৰণ হৈছে কিছুদিনৰ পূৰ্বে মুখ্য ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে মিছাতে উথাপন কৰা নাৰী কেলেংকাৰীজনিত বিষয়টো।এই গুৰুত্বপূৰ্ণ মন্তব্য খিলঞ্জীয়া মঞ্চ,অসমৰ হৈ আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ।

 

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি চেতিয়াই লগতে কয় যে  ২০০৭ চনৰ পৰা এনআৰচি গোচৰৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত থকা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক বিভিন্ন সময়ত ৰাষ্ট্ৰীয়,আন্তঃৰাষ্টীয় ষড়যন্ত্ৰকাৰী দলে অতি কৌশলগতভাৱে এই প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰাখিবৰ বাবে বিভিন্ন সময়ত চক্ৰান্ত অব্যাহত ৰাখিছে।ইয়াৰ অংশ হিচাপে এটা চক্ৰান্তকাৰী দলে তাৰ বাবে লিখিত আবেদন কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে এনআৰচি প্ৰক্ৰিয়াৰ পৰা অব্যাহতি ল'ব লাগে বুলি।যি নেকি আইনৰ ইতিহাসত এক নজিৰবিহনী ঘটনা।

 

ইয়াৰ উপৰিও তেওঁ আজি সংবাদমেলত জানিবলৈ দিয়ে যে অসমত চলি থকা এনআৰচি প্ৰক্ৰিয়াক ব্যাহত কৰাৰ বাবে অসম বিৰোধী এটা চক্ৰই ৰাষ্ট্ৰসংঘৰ মজিয়াত মিছা অভিযোগ আনি এনআৰচি প্ৰক্রিয়াৰ  বিৰুদ্ধে অপপ্ৰচাৰ চলাইছিল।সেই অপপ্ৰচাৰৰ সন্দৰ্ভত খিলঞ্জীয়া মঞ, অসমৰ দুগৰাকী প্ৰতিনিধিয়ে অহা জুন মাহৰ পৰা অনুষ্ঠিত হব লগা ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ ৪১ সংখ্যক অধিৱেশনত এনআৰচিৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰিব।প্ৰতিনিধি দলটোৱে অসম বিৰোধী চক্ৰটোৱে উল্লেখ কৰাৰ দৰে যে অসমত এনআৰচিয়ে কোনো সমস্যাৰ যে সৃষ্টি কৰাৰ নাই,সেই বিষয়ে বহল ভিত্তিত ব্যাখ্যা আগবঢ়াব।অৱশ্যে খিলঞ্জীয়া মঞ্চৰ প্ৰতিনিধি দুগৰাকী কোন হ'ব সেই কথা আজি সংবাদমেলত উল্লেখ কৰা নাই ।

Your Comments