ড্ৰাগছ ব্যৱসায়ত জড়িত অসমীয়া চলচ্চিত্ৰৰ অভিনেতাক গ্ৰেপ্তাৰ

bb

ড্ৰাগছ ব্যৱসায় কৰি এইবাৰ লতাশিল আৰক্ষীৰ জালত পৰিল অসমীয়া চলচ্চিত্ৰৰ অভিনেতা।উজান বজাৰ চাৰিআলিৰ সিদ্ধাৰ্থ এপাৰ্টমেণ্টৰ পৰা গ্ৰেপ্তাৰ কৰা  অসমীয়া চলচ্চিত্ৰ অভিনেতাগৰাকী হৈছে নিৰেণ শৰ্মা।দেওবাৰে লতাশিল আৰক্ষীয়ে অভিনেতাগৰাকীৰ সৈতে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে হিমাংশু হাজৰিকা, সিদ্ধাৰ্থ মেধী(মৰিগাঁও),মহেন্দ্ৰ নাথ,ইব্ৰাহিম আলী(উজনবজাৰ)ক।উল্লখ্য যে অভিনেতা নিৰেণ শৰ্মাই হিয়া-দিয়া-নিয়া,যৌৱনে আমনি কৰে আদি বহুকেইখন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছিল।


গ্ৰেপ্তাৰ কৰা অভিনেতা নিৰেণ শৰ্মাৰ এপাৰ্টমেণ্টৰ পৰা লতাশিল আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৪০টা ড্ৰাগছৰ বটল। তাৰে ১১টা ড্ৰাগছ ভৰ্তি বটল,দুটা ছিলিম,এখন চুৰীৰ লগতে কেইবাহাজাৰ টকা।

ইফালে,আৰক্ষীয়ে ১৬৯/১৯ এটা গোচৰ ৰুজু কৰি পাঁচোটা ড্ৰাগছ ব্যৱসায়ীকে আদালতত হাজিৰ কৰায়। আদলতে ড্ৰাগছ সৰবৰাহকাৰীকেইটাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে

Your Comments