কলা শাখাত দশম স্থান লাভেৰে গুঞ্জন দাসে উজলালে অসম জাতীয় বিদ্যালয়ক

jj

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উজলিল অসম জাতীয় বিদ্যালয়,গুৱাহাটী।জাতীয় বিদ্যালয়খনৰ পৰা কলা শাখাৰ শীৰ্ষ দহটা স্থানৰ মাজত উজলিল মেধাৱী গুঞ্জন দাস।৪৬৪ নম্বৰ লাভেৰে জাতীয় বিদ্যালয়খনৰ গুঞ্জনে কলা শাখাত ৰাজ্যৰ ভিতৰতে দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।গুঞ্জন দাসৰ এই সাফল্যত এতিয়া উৎফুল্লিত অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল। 

ইফালে,শীৰ্ষ দহত স্থান লাভ কৰি গুঞ্জন দাসে এই ফলাফলৰ বাবে পিতৃ-মাতৃক ধন্যবাদ জনায়।তেওঁ কয় যে মা-দেউতাৰ সহায়ৰ বিষয়ে মই আজি কথাৰে প্ৰকাশ কৰিব নোৱাৰো।কোনোদিনেই অভাৱ কেতিয়াও অনুভৱ কৰিবলৈ দিয়া নাছিল।প্ৰয়োজনত ৰাতি ৯ বজাত গৈয়ো পাণবজাৰৰ বুকষ্টলৰ পৰা মোক বহী আনি দিছিল।পুৱা মোৰ ফলাফল পাই দেউতাৰ মুখত হাঁহি দেখি মোৰ ভাল লাগিছে।লগতে নৱপ্ৰজন্মক আহ্বান জনাই কয় যে নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে আজিকালি বহুত উৎস আছে।ছ'চিয়েল মিডিয়াৰ সহায় আজি সমাজখনৰ লগত মিলিবলৈ আমি গ্ৰহণ কৰিবই লাগিব।কিন্তু এইটো কথাত সকলোৱে গুৰুত্ব দিব লাগিব যাতে এইবিলাক ব্যৱহাৰ কৰোঁতে নিজৰ লক্ষ্যপথত যাতে হেঙাৰ হৈ থিয় নিদিয়ে।ইয়াৰ উপৰিও তেওঁ সফলতা পাবলৈ নিজৰ সুবিধা অনুসৰি পঢ়া উচিত।কাৰোবাৰ আদৰ্শ লৈ ১২-১৩ঘন্টা পঢ়িব লাগিব বুলি কোনো কথা নাই।কিন্তু নিয়মিতভাৱে আমি পঢ়াশুনা কৰাটো অতি গুৰুত্বপূৰ্ণ। নোটবুকৰ সলনি নিজৰ পাঠ্যপুথিখন যদি খৰচী মাৰি পঢ়া যায়,তেন্তে সফলতা পাব পাৰি।


উল্লেখ্য যে যোৱা ১৫ মে'ত ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসম জাতীয় বিদ্যালয়ৰ পৰা প্ৰিয়ংকা কলিতাই ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান দখলেৰে গৌৰৱ কঢ়িয়াই আনিছিল।ইয়াৰ পিছতে উচ্চতৰ মাধ্যমিকত গুঞ্জনে এই সাফল্য লাভ কৰিছে জাতীয় বিদ্যালয়খনৰ পৰা।

Your Comments