উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণৰে পূৰ্বৰ গৰিমা অক্ষুন্ন ৰাখিলে গুৱাহাটী কমাৰ্চ কলেজে।২০১৯ বর্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বাণিজ্যিক মহাবিদ্যালয়খনত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ। উল্লেখ্য যে বাণিজ্যিক মহাবিদ্যালয়খনৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪৩৪ গৰাকী পৰীক্ষাৰ্থী।উত্তীৰ্ণ হৈছে আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়েই।তাৰে তিনিগৰাকীকৈ মেধাৱীয়ে বাণিজ্যিক শাখাত ৰাজ্যৰ ভিতৰতে শীর্ষ দহটা স্থান লাভ কৰাৰ বিপৰীতে ষ্টাৰ মাৰ্ক লাভ কৰিছে ৮৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে।ইয়াৰ উপৰিও প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ২৯৫ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১১০গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ২৯গৰাকী ছাত্ৰ-ছাত্ৰী।
২০১৮ বর্ষত বাণিজ্যিক মহাবিদ্যালয়খনৰ পৰা ৪২৭গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু সেই বর্ষত উত্তীৰ্ণ হৈছিল ৪২২গৰাকী ছাত্ৰ-ছাত্ৰী।সেই বর্ষত উত্তীৰ্ণৰ হাৰ আছিল ৯৮.৮।
- Log in to post comments
- 9 views