কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ'ল বিজয় অসমক

hh

গুৱাহাটীৰ গ্ৰেণেড বিস্ফোৰণৰ মূল অভিযুক্ত আলফা(স্বা)ৰ দুধর্ষ কেডাৰ বিজয় অসমক গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহিছে কেতবোৰ ভয়ংকৰ তথ্য।মঙলবাৰে তিনিচুকীয়া জিলাৰ ডাঙৰীত গ্ৰেপ্তাৰ কৰা দুধর্ষ আলফা কেডাৰজনক আজি পুৱা অনা হয় লতাশিল আৰক্ষী থানালৈ।লতাশিল আৰক্ষী থানাতে দুধর্ষ আলফা কেডাৰজনক অসম আৰক্ষীৰ কেইবাগৰাকীও শীর্ষ বিষয়াই পুৱাৰে পৰা অব্যাহত ৰাখিছে জেৰা। জেৰাত দুধর্ষ কেডাৰগৰাকীয়ে উল্লেখ কৰিছে যে ধেমাজি জিলাৰ বহুসংখ্যক যুৱক-যুৱতীয়ে নতুনকৈ যোগদান কৰিছে আলফা(স্বাধীন)ত।এই কথা সংবাদ মাধ্যমৰ প্ৰকাশ কৰিছে মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়ে।আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰাৰ অনুসৰি বিজয় অসম বিভিন্ন সময়ত বহু অপৰাধমূলক কাৰ্যত জড়িত হৈ থকা বুলি জেৰাত পোহৰলৈ আহিছে।হত্যা, গাড়ীচুৰি,ডকাইতি আদি বহুকেইটা গোচৰৰ মূল অভিযুক্ত বিজয়।ইয়াৰ উপৰিও ২০১১ চনত গুৱাহাটীৰ এগৰাকী মহিলা ৰূপালী ৰংপিৰ হত্যাকাণ্ডৰ সৈতে জড়িত হৈ চিআইডিৰ হাতত গ্ৰেপ্তাৰ হৈছিল বিজয় অসম।পিছত কাৰাগাৰৰ পৰা উলায়ে যোগ দিছিল আলফা(স্বা)ত।

 

ইফালে,আলফা নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে মহানগৰীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।বিশেষকৈ লতাশিল আৰক্ষী থানাৰ নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা  হৈছে।আৰক্ষী সূত্ৰই লাভ কৰাৰ খবৰ অনুসৰি মহানগৰীৰ বিভিন্ন ঠাইত এতিয়াও ঘূৰি ফুৰিছে আলফা(স্বা)ৰ বহু দুধর্ষ সদস্য।

 

আনহাতে,লতাশিল আৰক্ষী থানাৰ পৰা বিজয় অসমক কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতলৈ ইতিমধ্যে যোৱা হৈছে। লতাশিল আৰক্ষী থানাৰ পৰা আদালতকৈ নিয়াৰ মুহূৰ্তত নিৰাপত্তাৰ স্বাৰ্থত সংবাদ মাধ্যমৰ পৰা আঁতৰাই মুখত গামোচা বান্ধি আলফা সদস্যজনক লৈ যোৱা হয়।

Your Comments