দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাতে এক সংবাদমেল সম্বোধন কৰে। দ্বিতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ অসমৰ পাঁচটা সমষ্টিতে কংগ্ৰেছ দলে বিজয় সাব্যস্ত কৰিব বুলি তেওঁ উল্লেখ কৰে।তাৰে ভিতৰত নগাঁৱত প্ৰদ্যুৎ বৰদলৈ আৰু মঙলদৈত ভুৱনেশ্বৰ কলিতাই বৃহৎ ব্যৱধানত জয়লাভ কৰিব বুলি কয়।ইয়াৰ উপৰিও তেওঁ কয় যে ডিফু লোকসভা সমষ্টিতো ৰাজনৈতিক পৰিৱেশৰ নাটকীয়ভাৱে পৰিৱৰ্তন হৈছে। ফলত ডিফু আসনখনো কংগ্ৰেছ দলে দখল কৰিব।আনহাতে, বিজেপি দলে কংগ্ৰেছ আৰু আজমলৰ মিত্ৰতা হৈছে বুলি প্ৰচাৰ চলোৱা সন্দৰ্ভত ৰাৱাতে যে আমাৰ মন্তব্য কৰে যে কোকৰাঝাৰ ,ধুবুৰী, বৰপেটা- কোনো ঠাইতে আজমলৰ সৈতে মিত্ৰতা হোৱা নাই।কাৰণ কংগ্ৰেছ দলে কোনো সাম্প্ৰদায়িক ৰাজনীতিক দেশৰ মংগলৰ বাবে বুলি নাভাবে ।লগতে বিজেপিয়ে নিৰ্বাচনৰ নামত কোটি কোটি টকা খৰচ কৰাৰ প্ৰসঙ্গ উথাপন কৰি ৰাৱাতে কয় যে আমি পইচাৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন খেলা নাই।
ইফালে 'কেব' আনিম বুলি কোৱাৰ পিছতো অগপই বিজেপিৰ লগত পুনৰ মিত্ৰতা কৰাৰ সন্দৰ্ভত তেওঁ কয় যে অগপই আজিৰ দিনত বিজেপিৰ সৈতে মিত্ৰতাত থকাটো আচৰিত কথা।
আনহাতে 'কেব'ৰ বিৰুদ্ধে এইবাৰ ৰাইজে মতদান কৰা বুলিও তেওঁ উল্লেখ কৰে। শিলচৰত প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব'ত জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণে কংগ্ৰেছৰ জয়ৰ কথা প্ৰমাণ কৰিছে বুলি ৰাৱাতে কয়।
আনহাতে মঙলবাৰে ৰাতি ৰাজ্যত প্ৰলয়ংকৰী ধুমহাত জনসাধাৰণৰ ব্যাপক ক্ষতি হৈছে।কিন্তু চৰকাৰে তাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই বুলি হৰিশ ৰাৱাতে উল্লেখ কৰে।
- Log in to post comments
- 14 views