বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি প্ৰকাশ পোৱাৰ পিছত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰে এজন লোকসভাৰ প্ৰাৰ্থীয়ে । মেঘালয়ৰ বিজেপি প্ৰাৰ্থী চানবৰ চুল্লাই বিধেয়কৰ বিৰোধিতা কৰি কয় যে যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ-পূবৰ কথাত গুৰুত্ব নিদিয়ে,তেন্তে বিজেপি ত্যাগ কৰিব।'কেব' গৃহীত কৰিলে নৰেন্দ্ৰ মোডীৰ সন্মুখত আত্মহনন কৰিব বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে। বিধেয়ক সন্দৰ্ভত চানবৰ চুল্লাই কয়- মই 'কেব'ক লৈ ভীতিগ্ৰস্ত,কিন্তু নিৰ্বাচনী ফলাফলক লৈ নহয়।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও প্ৰাৰ্থীগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক গৃহীত কৰাৰ ঘোৰ বিৰোধিতা কৰিছিল।আনহাতে যোৱা ৮ জানুৱাৰীত জোৱাইৰ এখন জনসভাতো তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কৰ মুকলিকৈ বিৰোধিতা কৰিছিল।আনকি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো বিধেয়ক বিৰোধিতাৰে সাক্ষাৎ কৰিছিল।
- Log in to post comments
- 31 views