আজি ৰাজ্যৰ পাঁচটা সমষ্টিত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকা সময়তে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা গুৱাহাটী লোকসভা সমষ্টিত দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থীসকলৰ ব্যাপক প্ৰচাৰ অভিযান।আজি গুৱাহাটীৰ কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰচাৰ চলায়।
প্ৰচাৰ কাৰ্যসূচীত প্ৰাৰ্থীগৰাকীয়ে বিজেপিক সমালোচনা কৰি কয় যে জনসাধাৰণক মূল ইছ্যুৰ পৰা বিজেপি দলে আঁতৰাই ৰাখিছে। সেয়েহে এতিয়া দলটোৱে নৃত্য-গীতেৰে চমক সৃষ্টি কৰিবলৈ বিচাৰিছে।আনহাতে,কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে বিজেপি প্ৰাৰ্থী কুইন ওজাৰ শিক্ষাগত অৰ্হতাৰ সম্পৰ্কটো বিজেপি দলক কটাক্ষ কৰে।
তেওঁ কয়- পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে শিক্ষাগত অৰ্হতা বিচাৰে,কিন্তু লোকসভাৰ নিৰ্বাচনত অশিক্ষিত প্ৰাৰ্থীক থিয় কৰোৱাই।ইফালে কুইন ওজা বয়সৰ ফালৰ পৰা তেওঁতকৈ বেছি অভিজ্ঞ বুলি কোৱা প্ৰসংগত ববিতা শৰ্মাই কয়-
কুইন ওজাতকৈ বয়স মোৰ কম হলেও সামাজিক অভিজ্ঞতা মোৰ বেছি।
- Log in to post comments
- 18 views