প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত অসমত যুৱ ভোটাৰৰ উৎসাহজনক অংশগ্ৰহণ

yo

আজি ২০খন ৰাজ্যৰ মুঠ ৯১টা সমষ্টিত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।সেই অনুসৰি অসমৰো পাঁচটা সমষ্টিত পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।পাঁচটা সমষ্টিত মুঠ ৭৬,০৩,৪৫৮ গৰাকীৰ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৪১গৰাকী প্ৰাৰ্থীৰ।তাৰ বাবে মুঠ ৯৫৭৪ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।ডিব্ৰুগড়, যোৰহাট, কলিয়াবৰ, লখিমপুৰ,তেজপুৰ লোকসভা সমষ্টিত হৈছে এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।

 

আনহাতে পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰসমূহত দেখিবলৈ পোৱা গৈছে   ভোটদাতাৰ দীঘলীয়া শাৰী। শেহতীয়া খবৰ অনুসৰি দুই এটা ভোটগ্ৰহন কেন্দ্ৰত ভোটিং মেচিন বিকল বাহিৰে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

 

উল্লেখ্য যে এইবাৰ যুৱ ভোটাৰে প্ৰাৰ্থী নিৰ্বাচন কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিব এক গুৰুত্বপূৰ্ণ ভূমিকা। প্ৰায়বোৰ ভোটগ্ৰহণ কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে  যুৱভোটাৰৰ দীঘলীয়া শাৰী।

 

আনহাতে ভোটগ্ৰহণ কেন্দ্ৰসমূহত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়,তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা গঢ়ি তোলা হৈছে কট-কটীয়া নিৰাপত্তা ব্যৱস্থা।

 

গুৰুত্বপূৰ্ণ কথা এই যে এইবাৰ প্ৰথমবাৰৰ বাবে ভোটিং মেচিনসমূহত এক নতুন সংযোজন কৰা হৈছে।সেই অনুসৰি ভোটাৰজনে ভোট দিয়াৰ লগে লগে তেওঁ কাক ভোট দিছে;তেওঁ যাক ভোট দিছে,সেই ব্যক্তিজনে পাইছে নাই সেই কথাও তেওঁ জানিব পাৰিব।আনহাতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এইবাৰ প্ৰতিটো সমষ্টিৰে পাঁচটাকৈ ভোটিং মেচিন দুটা পৰ্যায়ত কাউন্টিং কৰিব লাগে।প্ৰথমে ইলেকট্ৰনিক কাউন্টিং আৰু দ্বিতীয়তে এইবাৰ প্ৰথমবাৰৰ বাবে সংযোজন কৰা ইলেকট্ৰনিক ভি ভি পেটৰ ৰিছিভ কাউন্ট কৰিব লাগিব।

Your Comments