আগন্তক লোকসভা নিৰ্বাচনত বিজেপি দলক ভোট নিদিবলৈ অসমবাসীক আহ্বান জনাইছে 'অসম সংগ্ৰামী মঞ্চ,অসম'-এ।আজি গুৱাহাটী প্ৰেছ ক্লাবত জাতীয় সংগঠনটোৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাই এক সংবাদমেল সম্বোধন কৰি বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে মহা অভিযোগনামা সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে।উক্ত অভিযোগনামাত আগন্তক লোকসভাৰ নিৰ্বাচনত বিজেপি দলক কি কাৰণে ভোট দিব নালাগে,সেই বিষয়ে অৱগত কৰে।লগতে,বিজেপি চৰকাৰখনৰ ব্যৰ্থতাসমূহ সন্নিবিষ্ট কৰে।৩২ দফীয়া এই মহাঅভিযোগপত্ৰখন তেওঁলোকে ৰাজ্যৰ ভোটাৰসকলৰ মাজত কাইলৈৰ পৰা বিতৰণ কৰিব বুলিও জানিবলৈ
দিয়ে।
আজিৰ এই সংবাদমেলতে অসম সংগ্ৰামী মঞ্চই জানিবলৈ দিয়ে যে আগন্তক লোকসভাৰ নিৰ্বাচনত তেওঁলোকে 'ৰিজ'নেল ডেম'ক্ৰেটিক এলায়েনছ'ৰ তৰফৰ পৰা অসমৰ পাঁচটা লোকসভাৰ সমষ্টিত প্ৰাৰ্থী দিব।সেই অনুসৰি ডিব্ৰুগড়ত ইজৰাইল নন্দ,তেজপুৰত বিজয় তিৰু,যোৰহাট নন্দিতা নাগ,ডিফুত হলীৰাম তেৰাং, লখিমপুৰত প্ৰভুলাল বৈষ্ণৱীক প্ৰাৰ্থিত্ব দিয়া বুলি জানিবলৈ দিয়ে।
সংবাদমেলখন সম্বোধন কৰি বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'চকীদাৰ' হৈ থকাৰ যোগ্যতা নাই।তেওঁ নিজকে চকীদাৰ বুলি কৈ দেশৰ সৎ, নিষ্ঠাৱান,দায়িত্বশীল চকীদাৰসকলক অপমান কৰিছে । ২০০২ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে মোদীয়ে হেৰুৱাই পেলাইছে চকীদাৰ হোৱাৰ যোগ্যতা। য'ত নেকি সাম্প্ৰদায়িক সংঘর্ষত ১,০৪৪ নাগৰিকৰ মৃত্যু হৈছিল।২২৩জন লোক নিৰুদ্দেশ আৰু ২,৫০০ জন নিৰীহ নাগৰিক আক্রান্ত হ'ব লগা হৈছিল।ফুকনে কয় যে ২০১৪ চনত প্ৰধানমন্ত্ৰী মোডীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত ১২,৩৬০ জন,২০১৫চনত ১২,৬০২ জন কৃষক তথা কৃষি শ্রমিকে আত্মহত্যা কৰিব লগা হৈছে।তাৰ পিছত কি যুক্তিত মোডীয়ে চকীদাৰ বুলি নিজকে অভিহিত কৰিছে বুলি বিশিষ্ট সাংবাদিকগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।সেই সম্পৰ্কত ফুকনে কয় যে মোডী দেশৰ ধনীক গোষ্ঠীৰ আজ্ঞাবাহী চকীদাৰ হ'ব পাৰে, কিন্তু দেশবাসীৰ চকীদাৰ হ'ব নোৱাৰে।
ইয়াৰ উপৰিও ফুকনে মন্তব্য কৰে যে মোডী যদি সঁচাকৈ দেশৰ চকীদাৰ,তেন্তে কিয় ২০১৬ চনত ৯০ জন, ২০১৭ চনত ১২১ জন আৰু ২০১৮চনত ৯৮ জন দেশৰ চিআৰপিএফৰ জোৱানে বিগত বর্ষসমূহত আত্মহত্যা কৰিব লগা হ'ল। তেওঁ মোডীক প্ৰশ্ন কৰে-'আপুনি চকীদাৰ হৈ থকা সময়ত ২০১৪ চনৰ পৰা ২০১৯ৰ ৩ ফেব্ৰুৱাৰীলৈ দেশৰ কেনেকৈ ৩৪৬জন জোৱান,২০৩জন নিৰীহক সন্ত্ৰাসবাদীয়ে হত্যা কৰিব পাৰিলে।'
লগতে বিশিষ্ট সাংবাদিকগৰাকীয়ে কয় যে মোডী চকীদাৰ হৈ থকা সময়তে ২০১৯চনৰ ১৪ফেব্ৰুৱাৰীৰ দিনা পুলুৱামাত ৭৮ খন চিআৰপিএফ জোৱান কঢ়িয়াই নিয়া বাছৰ মাজলৈ ৩৫০ কিলোগ্ৰাম বিস্ফোৰক কঢ়িয়াই জঈছ-ই-মহম্মদৰ আত্মঘাতীয়ে ৪৪জন জোৱানক হত্যা কৰিলে।তাৰ বাবে মোডী আজি জগৰীয়া নহ'ব কিয়? তেওঁ কয়-নৰেন্দ্ৰ মোডী চকীদাৰ হৈ থকা সময়তে প্ৰতিৰক্ষা বিভাগৰ পৰা ৰাফেল ক্ৰয়ৰ গুৰুত্বপূৰ্ণ ফাইল হেৰাল।তাৰ পিছতো মোডীয়ে নিজকে কেনেকৈ চকীদাৰ বুলি অভিহিত কৰিব পাৰিছে।
- Log in to post comments
- 28 views