অসমীয়া বাপুতিসাহোন ৰঙালী বিহুক লৈ সমগ্ৰ ৰাজ্য ব্যস্ত হৈ থকাৰ সময়তে আজি অসম সাহিত্য সভা আৰু সদৌ অসম বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিয়ে এক যুটীয়া সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ বিহুতলীসমূহলৈ কেতবোৰ গুৰুত্বপূৰ্ণ আহ্বান জনাইছে। সেই অনুসৰি অসমীয়া বাপুতিসাহোন 'ৰঙালী বিহু', বিশেষকৈ মঞ্চ বিহুত যাতে বৃহত্তৰ অসমীয়া জাতিৰ ঐতিহ্য,পৰম্পৰা তথা অসমীয়া জাতীয় সংস্কৃতি পৰিস্ফুট হয় ,তাৰ বাবে অসমৰ প্ৰত্যেকখন বিহু সন্মিলনীক দায়বদ্ধ হ'বলৈ আহ্বান জনায়।ইয়াৰ উপৰিও এই সংবাদমেলতে অসম সাহিত্য সভা আৰু সদৌ অসম বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিয়ে কয় যে প্ৰতিখন বিহু সন্মিলনীয়ে বিহুতলীসমূহত ব্যৱহাৰ কৰা সমূহ নাম-ফলক,অনুষ্ঠানৰ প্ৰচাৰপত্ৰ,মূল তোৰণ আৰু মঞ্চত শুদ্ধকৈ অসমীয়া ভাষা প্ৰয়োগ কৰাৰ বাবে আহ্বান জনায়।লগতে অসমীয়া ভাষাৰ সমান্তৰালকৈ স্থানীয় বিভিন্ন জনগোষ্ঠীয় খিলঞ্জীয়া ভাষাসমূহ প্ৰয়োগ কৰিবলৈ আহ্বান জনায়।
আজিৰ সংবাদমেলৰ জৰিয়তে তেওঁলোকে কয় যে প্ৰতিখন বিহু মঞ্চই জাতীয় ঐতিহ্য অক্ষুন্ন ৰখাৰ স্বাৰ্থত ব'হাগ মাহৰ ভিতৰতে সাংস্কৃতিক কাৰ্যসূচী শেষ কৰে,তাৰ ওপৰত গুৰুত্ব দিব লাগে।ইয়াৰ উপৰিও বিগত বর্ষসমূহত সংঘটিত হোৱা শিল্পীদলৰ দুর্ঘটনাসমূহৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে প্ৰতিখন বিহু কমিটীকে সাংস্কৃতিৰ অনুষ্ঠানসমূহ নিশা ১২-১বজাৰ ভিতৰত শেষ কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে।এইক্ষেত্ৰত ৰাজ্য প্ৰশাসনকো বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ তেওঁলোকে আহ্বান জনায়।
ইয়াৰ উপৰি প্ৰতিখন বিহুমঞ্চত যাতে বিহু নৃত্য,বিহু হুঁচৰি,লোকসঙ্গীত আৰু পৰিৱেশ্য কলাই প্ৰাধান্য পাই, তাৰ বাবে উদযাপন সমিতিসমূহক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।ইয়াৰ সমান্তৰালকৈ উদ্যোক্তা আৰু শিল্পীসকলে জাতীয় জীৱনৰ লগত সম্পৰ্ক ৰাখি মাৰ্জিত সাজ-পৰিধান কৰিব লাগে বুলিও তেওঁলোকে আহ্বান জনায়।
ইফালে,প্ৰতিখন বিহুমঞ্চত অসমীয়া শিপিনীয়ে প্ৰস্তুত কৰা বিহুৱানৰ যাতে ব্যৱহাৰ কৰা হয়,তাৰ আহ্বান জনায়। ইফালে বিহুসমূহ যাতে ৰাজনৈতিক মঞ্চলৈ পৰ্যবসিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কয়।
ইফালে এই সংবাদমেলতে বিহৰ নামত চান্দা সংষ্কৃতি পয়োভৰ বৃদ্ধি পোৱা সন্দৰ্ভত অসম সাহিত্য সভাৰ সভাপতি ড: পৰমানন্দ ৰাজবংশীয়ে কয় যে প্ৰতিখন বিহুমঞ্চই বাটে-ঘটে বেআইনীভাৱে চান্দা সংগ্ৰহ কৰাটো বন্ধ কৰিব লাগে।তাৰ বাবে প্ৰশাসন ব্যৱস্থাকো সষ্টম হ'বলৈ আহ্বান জনাই।একেদৰে এই সংবাদমেলতে ব'হাগ মাহৰ পিছত কোনোৱে যাতে বিহুৰ নাম লৈ সাংস্কৃতিক অনুষ্ঠান নাপাতে,তাৰ বাবে সকলোকে আহ্বান জনায় সদৌ অসম বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক প্ৰণৱ গোস্বামীয়ে ।সংবাদমেলত ড:হৰেন দাস,পদুম ৰাজখোৱা প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
- Log in to post comments
- 31 views