সমগ্ৰ দেশৰ লগতে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে শিশু নিৰ্যাতনৰ লগতে মহিলা-যুৱতীৰ ওপৰত শাৰীৰিক তথা যৌন নিৰ্যাতনৰ ঘটনা ।এই বুলি উল্লেখ কৰিলে 'গল্ড'-এ। গ্লোবেল অৰগেনাইজেছন ফৰ লাইফ ডেভেলপমেণ্ট(গ'ল্ড)-এ আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি কয় যে পূৰ্বৰ তুলনাত সমগ্ৰ দেশৰ লগতে অসমত বৃদ্ধি পাইছে শিশু সৰবৰাহ তথা যুৱতী-মহিলাৰ ওপৰত চলোৱা শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ ঘটনা।সেই সন্দৰ্ভত সংগঠনটোৱে কয় যে নোবেল বঁটা বিজয়ী কৈলাস সত্যাৰ্থিৰ সংগঠন 'চিল্ড্ৰেন ফাউণ্ডেচন'-এ চলোৱা এক সমীক্ষা অনুসৰি দেশত প্ৰতি ঘণ্টাত চাৰিগৰাকীকৈ যুৱতী যৌন নিৰ্যাতনৰ বলি হয়।ইয়াৰ উপৰিও প্ৰতি ৩৭ মিনিটত দুগৰাকীকৈ মহিলা গাৰ্হস্থ্য নিৰ্যাতনৰ বলী হ'ব লগা হয় বুলি জানিবলৈ দিয়ে গ'ল্ডৰ সহকাৰী সাধাৰণ সম্পাদক কাৱেৰী শৰ্মাই।
লগতে তেওঁ কয় যে এই শিশু নিৰ্যাতন আৰু যুৱতী- মহিলা নিৰ্যাতন ৰোধৰ বাবে 'চিল্ড্ৰেন ফাউণ্ডেচন'-এ সমগ্ৰ দেশতে লোকসভাৰ নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিব লগা প্ৰাৰ্থীসকলৰ বাবে শিশু আৰু মহিলা-যুৱতীৰ নিৰ্যাতন ৰোধ সম্পৰ্কীয় বিশেষ কৰ্মশালাৰ আয়োজন কৰিছে।তাৰ অংশ হিচাপে অসমতো সংগঠনটোৱে অহা ৯ এপ্ৰিলত গুৱাহাটীত আয়োজন কৰিব কৰ্মশালা।
উক্ত কৰ্মশালাত ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ প্ৰতিটো ৰাজনৈতিক দলৰ একাংশ প্ৰতিনিধি উপস্থিত থাকিব। উক্ত কৰ্মশালাৰ জৰিয়তে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰতিগৰাকী প্ৰাৰ্থীলৈ শিশু নিৰ্যাতন আৰু মহিলা-যুৱতী নিৰ্যাতন ৰোধৰ বাবে একোখনকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব বুলিও জানিবলৈ দিয়ে।
উল্লেখ যে এই সংবাদমেলতে গ'ল্ড-এ বৰ্তমানলৈ ৩০০০ শিশু-যুৱতীক মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰি তেওঁলোকৰ তত্বৱধানত ৰাখিছে বুলি উল্লেখ কৰে। হৈছে বুলিও জানিবলৈ দিয়ে।
আনহাতে এই সংবাদমেলতে সংগঠনটোৱে আগন্তক লোকসভা নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী ইস্তাহাৰত শিশু-মহিলা নিৰ্যাতনৰ ৰোধৰ বিষয়টোৱে গুৰুত্বপূৰ্ণ স্থান দখল কৰাটো দৰকাৰ বুলি কয়।
- Log in to post comments
- 16 views