নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰে ঐক্যবদ্ধ হোৱা ৭০ সংগঠনৰ মঞ্চত খহনীয়া আৰম্ভ হৈছে।নেতৃত্বৰ বিশ্বাসঘাটকতাত ক্ষুণ্ণ হৈ এটাৰ পাছত এটা সংগঠনে সংগ এৰিছে অখিল গগৈৰ। আজিও ৭০ সংগঠনৰ মঞ্চৰ পৰা আনুষ্ঠানিকভাৱে ওলাই আহিছে 'জাতীয় সেনা' নামৰ সংগঠনটো।গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সভাপতি নয়নমনি শালৈয়ে কয় যে ৭০ টা সংগঠনৰ নাম লৈ অখিল গগৈসহ কেইজনমান নেতাই ৰাজনৈতিক দলৰ হৈ দালালিৰ কাম কৰিছে।যিটো নেকি জাতীয় সেনাই কেতিয়াওঁ সহ্য কৰিব নোৱাৰো।তেওঁ কয় যে জাতীয় সংগঠনক নেতৃত্ব দি অখিল গগৈয়ে ৰাইজক কাক ভোট দিব,কাক ভোট নিদিব, তাৰ অধিকাৰ তেওঁ নাই।ইয়াৰ উপৰিও বিজেপিক পৰাস্ত কৰিব বাবে কংগ্ৰেছ দলৰ হৈ ৰাজনৈতিক দালালি কৰাটো অখিল গগৈৰ দায়িত্ব হ'ব নোৱাৰে।
আনহাতে এই সংবাদমেলতে সভাপতি শালৈয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ যিদৰে পূৰ্বতেও জাতীয় সেনাই বিৰোধিতা কৰিছিল, বৰ্তমান ৭০ সংগঠনৰ মঞ্চৰ পৰা ওলাই আহিও একে স্থিতিত অৱস্থান হ'ব। আনহাতে কংগ্ৰেছ দলৰ হৈ জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাক গুৱাহাটীৰ পৰা লোকসভাৰ নিৰ্বাচন খেলাৰ বাবে যোগাযোগ কৰাৰ সন্দৰ্ভত জাতীয় সেনাই কয় যে অৰূপ বৰবৰালৈ অখিল গগৈয়ে কংগ্ৰেছ দলৰ হৈ ফোন কৰিছিল নাই সেই সন্দৰ্ভত কৃষক নেতাগৰাকীয়ে ৰাজহুৱাকৈ জনসাধাৰণৰ আগত মুখ খুলিব লাগে।
আগন্তক লোকসভাৰ নিৰ্বাচনত জনসাধাৰনক নিজৰ বিবেক অনুযায়ী ভোটদান কৰিবলৈ তেওঁ আহ্বান জনায়।
আনহাতে ,এই সংবাদমেলত মোডী চৰকাৰক সমালোচনা কৰি সভাপতি নয়নমণি শালৈয়ে কয় যে খিলঞ্জীয়াক সুৰক্ষাৰ বাবে বিগত পাঁচ বছৰে চৰকাৰখনে একো কাম নকৰিলে।বৰঞ্চ অসমীয়া খিলঞ্জীয়াক নিঃশেষ কৰাৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক বলপূৰ্বকভাৱে জাপি দিবলৈ ওলাইছে।ইফালে এই সংবাদমেলতে মোডী চৰকাৰক বিদেশী বিতাড়ণ কৰাৰ বাবে অতি সোনকালে প্ৰত্যাপণ চুক্তি স্বাক্ষৰ কৰিবলৈ দাবী জনায় সংগঠনটোৱে। ভাৰতবর্ষৰ অন্য ৰাজ্যসমূহৰ দৰে বিদেশী বিতাড়ণৰ ক্ষেত্ৰত অসমৰো ভিত্তিবর্ষ ৭১ৰ পৰিৱৰ্তে ৫১ হ'ব লাগে বুলি তেওঁ দাবী জনায়।
এইখিনিতে উল্লেখ্য যে ইয়াৰ পূৰ্বে ৭০ টা সংগঠনৰ পৰা আঁতৰি গৈছিল 'যুঁজাৰু দ্য ফাইটাৰ' আৰু 'ঐক্য সেনা' অসম'।
- Log in to post comments
- 44 views