'২৭ মাহ দৰমহা বঞ্চিত কাগজ কলৰ কৰ্মচাৰীসকলৰ বাবে একো নকৰিলে মোডী চৰকাৰে'

paper mill

প্ৰতিশ্ৰুতি পূৰণ কৰিম বুলি কৈ ক্ষমতাত বহা মোডী চৰকাৰে বিগত পাঁচ বছৰত নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ বাবে একো নকৰিলে। বৰঞ্চ কংগ্ৰেছ চৰকাৰৰ দিনত সামান্য পৰিমাণে পাই থকা কিছু টকাও সম্পূৰ্ণৰূপে বন্ধ কৰি বিগত ২৭ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত কৰি ৰাখিছে এইচপিচি পেপাৰ মিলৰ কৰ্মচাৰীসকলক।এই গুৰুত্বপূৰ্ণ মন্তব্য 'এইচপিচি পেপাৰ মিল'ৰ ৰিভাইভেল একচন কমিটিৰ।আজি গুৱাহাটী প্ৰেছ ক্লাবত 'পেপাৰ মিল ৰিভাইভেল একচন কমিটী'য়ে এক সংবাদমেল সম্বোধন কৰি আগন্তক লোকসভাৰ নিৰ্বাচনত মোডী চৰকাৰৰ বিশ্বাসঘাটকতাৰ বিচাৰ কৰিবলৈ সমূহ অসমবাসীক আহ্বান জনাই।সংবাদমেলত কাছাৰ কাগজ কলৰ মুখ্য আহ্বায়ক মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে কয় যে বিগত পাঁচ বছৰত উত্তৰ-পূৰ্বাঞ্চলত নিবনুৱাক সংস্থাপন দিয়াৰ বাবে এটাও নতুন উদ্যোগ স্থাপন কৰিব নোৱাৰা মোডী চৰকাৰে অসমৰ দুটাকৈ চলি থকা উদ্যোগ নগাঁও আৰু কাছাৰ কাগজ কল একমাত্ৰ ব্যক্তিগত লাভালাভৰ স্বাৰ্থত ধ্বংসৰ মুখলৈ লৈ গ'ল।ফলত যোৱা ২০১৫ চনৰ ২০ অক্টোবৰ আৰু ২০১৭চনৰ ১৩ মাৰ্চৰ পৰা উৎপাদন সম্পূৰ্ণৰূপে বন্ধ হৈ আছে কাছাৰ আৰু নগাঁৱৰ কাগজ কলৰ কাম। এতিয়া উদ্যোগ দুটাত কামত জড়িত হৈ থকা ১৫শ কৰ্মচাৰীৰ দুই লাখ পৰিয়ালৰ আৰ্থিকহীনতা ভুগিছে।আনহে নালাগে পেপাৰ মিল দুটাত কাম কৰা বহুসংখ্যক কৰ্মচাৰীয়ে চৰকাৰৰ নিয়ম অনুসৰি  অৱসৰ গ্ৰহণ কৰিছে, কিন্তু আজিলৈকে এজনো কৰ্মচাৰীয়ে চৰকাৰৰ পৰা পোৱা নাই অৱসৰৰ পইচা আৰু পেঞ্চনৰ টকা।

উল্লেখ যে কৰ্মচাৰীসকলে বিভিন্ন সময়ত কৰি অহা দাবীৰ ওপৰত ভিত্তি কৰি ২০১৬চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত বৰাক উপত্যকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল অসমত বন্ধ হৈ থকা এইচ পি চি পেপাৰ মিল দুটা পুনৰুজ্জীৱিত কৰি তুলিব বুলি।আনহাতে মুখ্যমন্ত্ৰীয়েও কৰ্মচাৰীসকলক আশ্বাস দিছিল মিল চলিব বুলি ২০১৭চনৰ 'নমামী বৰাক'ৰ সময়ত ।কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে বিজেপি চৰকাৰৰ এই প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতিতে সীমাবদ্ধ হৈ থাকিল। ফলত আজি ২৭মাহ ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে পেপাৰ মিল দুটা কৰ্মচাৰীসকল।।

ফলত চৰকাৰৰ এই বঞ্ছনাৰ বিৰূদ্ধে আগন্তক লোকসভাৰ নিৰ্বাচনত নগাঁও,মৰিগাঁও আৰু শিলচৰত কৰ্মচাৰীসকলে বিজেপি চৰকাৰক ভোট নিদিবলৈ মুকলিলৈ প্ৰচাৰ চলাব।ইতিমধ্যে জিলাকেইখনৰ উপায়ুক্তক এই কথা জনাই পত্ৰ প্ৰেৰণ কৰা বুলি জানিব দিয়ে নগাঁও পেপাৰ মিলৰ মুখ্য আহ্বায়ক আনন্দ বৰদলৈয়ে।বৰদলৈয়ে লগতে জানিবলৈ দিয়ে যে মিল দুটাৰ কৰ্মচাৰীসকলে প্ৰাপ্য বিচাৰি  দেশৰ ৰাষ্ট্ৰপ্ৰতিক সাক্ষাৎ কৰিছিল ২০১৮ চনত । ৰাষ্ট্ৰপ্ৰতিয়ে কৰ্মচাৰীসকলৰ দৰমহা মুকলি কৰি দিবৰ বাবে চৰকাৰলৈ নির্দেশ প্ৰদান কৰিছিল।সেই নির্দেশ অনুসৰি ২০১৮ চনৰ ২৭ আগষ্টত সংসদে কৰ্মচাৰী সকলৰ দৰমহাৰ বাবে ৯০কোটি টকা অনুমোদন জনাইছিল।কিন্তু অতি দুৰ্ভাগ্যজনক যে সংসদে মুকলি কৰি দিয়া ৯০ কোটি টকা প্ৰধানমন্ত্ৰী কাৰ্যালয়ে আজি পৰ্যন্ত মুকলি কৰি নিদিলে।

আনহাতে পেপাৰ মিল  ৰিভাইভেল একচন কমিটিয়ে সমগ্ৰ বিষয়টোত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি ইতিমধ্যে ন্যায়ালয়ৰ দ্বাৰাস্থ হোৱা বুলিও জানিবলৈ দিয়ে।লগতে জানিবলৈ দিয়ে সমগ্ৰ বিষয়টো ন্যায়ালয়ৰ তত্বাৱধানত চিবিআই জৰিয়তে  তদন্তৰ কৰা বাবে আহ্বান জনাইছে বুলি।
 ইফালে গুৰুত্বপূৰ্ণ কথা এই যে বৰ্তমান সময়লৈকে পেপাৰ মিল দুটাৰ ৫১ জন কৰ্মচাৰীৰ অকালতে মৃত্যু হৈছে ।তাৰে দুজন কৰ্মচাৰীয়ে  মাহ মাহ ধৰি দৰমহা নাপাই আৰ্থিক হীনমন্যতাত ভুগি আত্মহত্যাৰ দৰে পথ বাছি লৈছে বুলি আজিৰ সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে  আজিজুৰ ৰহমান মজুমদাৰে।

Your Comments