বিজেপিৰ তাৰকা প্ৰচাৰক তথা 'নেডা'ৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তেজপুৰ লোকসভা সমষ্টিত হেলিকপ্টাৰ উৰুৱাই দেখুৱাব চমক। সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী তথা দাদা বিগ্ৰেডৰ অন্যতম সদস্য মন্ত্ৰী পল্লৱ লোচন দাসৰ হৈ চাৰিটা গুৰুত্বপূৰ্ণ স্থানত চলাব প্ৰচাৰ। সেই অনুসৰি পুৱা ৯.৫০বজাত হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰৰে অৱতৰণ কৰিব ঢেকীয়াজুলি চাহ বাগিচাত।তাৰ পিছত দিনৰ ১০ বজাত চাহ বাগিচাৰ ২,৩,৪ আৰু ৫ নম্বৰ ৱাৰ্ডত অংশগ্ৰহণ কৰিব ৰোড শ্ব'ত।
পৰৱৰ্তী সময়ত ১১ বজাত অংশগ্ৰহণ কৰিব এক নিৰ্বাচনী প্ৰচাৰ সভাত। তাৰ পিছত দিনৰ ১২.২০ বজাত মন্ত্ৰীগৰাকীয়ে পুনৰ হেলিকপ্টাৰ যোগে অৱতৰণ কৰিব ৰঙাপৰা উচ্চ মাধ্যমিক বিদ্যালয়ত ।ৰঙাপৰা ৰে'লৱে খেলপথাৰত দিনৰ ১২.৩০ বজাত মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব এখন জনসভাত। ১.৫০ বজাত মন্ত্ৰী হিমন্ত হেলিকপ্টাৰৰে উপস্থিত হ'ব বিহালী মহাবিদ্যালয় খেলপথাৰত।
নিউ কেতলা খেলপথাৰত এক নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে।পুনৰ বিয়লি ৪ বজাত তেজপুৰৰ ছহিদ বাকৰিত মন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰ যোগে অৱতৰণ কৰিব।পৰৱৰ্তী পৰ্যায়ত বিয়লি ৪.১৫ বজাত এক নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে। শেষত তেজপুৰ চহৰত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
- Log in to post comments
- 19 views