কেন্দ্ৰত এখন শক্তিশালী চৰকাৰ গঠন কৰাৰ লক্ষ্যৰে আগন্তক লোকসভাৰ নিৰ্বাচনত এশ শতাংশ ভোটদান নিশ্চিত কৰাৰ বাবে লোকজাগৰণ মঞ্চ,অসমে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰিব সজাগতা সভাৰ। ভোটাৰ সজাগতা বৃদ্ধি কৰাৰ বাবে সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ লগতে মহকুমাৰ সদৰ আৰু পঞ্চায়ত পৰ্যায়ত আয়োজন কৰিব সজাগতা সভাৰ।এই বিষয়ে আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলত জানিবলৈ দিয়ে লোকজাগৰণ মঞ্চ, অসমে।সংবাদমেলত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড: নিৰ্মল কুমাৰ চৌধুৰী, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, ভাৰতবর্ষৰ প্ৰাক্তন ৰাষ্ট্ৰদূত বিনন্দ গগৈ প্ৰমুখ্যে ভালেকেইজন বিশিষ্ট ব্যক্তি। জনসাধৰণে উপযুক্ত প্ৰাৰ্থীক লোকসভা নিৰ্বাচনত নিৰ্বাচিত কৰি কেন্দ্ৰত শক্তিশালী চৰকাৰ গঠন কৰিব লাগে বুলি তেওঁলোকে বক্তব্য আগবঢ়ায়।তাৰ বাবে প্ৰতিজন নাগৰিকে বিবেক ভোট প্ৰদান কৰাৰ প্ৰয়োজন বুলি কয়।আনহাতে, ভোটাৰ সজাগতা বৃদ্ধিৰ বাবে এক গোহাৰিপত্ৰ আনুষ্ঠানিকভাৱে সংবাদমেলখনতে উন্মোচন কৰা হয়।
- Log in to post comments
- 3 views