কেন্দ্ৰীয় চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী ৭০ টা সংগঠনৰ অংশীদাৰী জাতীয় সংগঠন তাই আহোম যুৱ পৰিষদ,অসমে আগন্তক লোকসভাৰ নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ সংবাদ মেল অনুষ্ঠিত কৰে।গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদমেলখনত জাতীয় সংগঠনটোৰ প্ৰচাৰ সম্পাদক গুণকান্ত গগৈয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক ,অসমৰ বানপানীৰ সমস্যা, আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে ৰাজ্যত দেখা দিয়া নিবনুৱা সমস্যা সমাধানৰ বাবে যি দল তথা নেতাই গুৰুত্ব দিব, সেই দল তথা নেতাকে সমৰ্থন কৰিব জাতীয় সংগঠনটোৱে।লগতে কয় যে আগন্তক লোকসভাৰ নিৰ্বাচনত তাই আহোম যুৱ পৰিষদে প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনত তিনিটা সমষ্টিৰ তিনিজন প্ৰাৰ্থীক মুকলিলৈ সমৰ্থন জনাব।
এই প্ৰাৰ্থীকেইজনৰ নাম তেওঁলোকে অতি সোনকালে ৰাজহুৱা কৰিব বুলি উল্লেখ কৰে।সেই নেতাকেইজনে তাই আহোম যুৱ পৰিষদ,অসমক তেওঁলোকৰ দীর্ঘদিনীয়া দাবী আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰা আৰু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰাৰ আশ্বাস প্ৰদান কৰিছে । তাৰ স্বাৰ্থত তেওঁলোকে প্ৰাৰ্থীকেইজনক সমৰ্থন কৰিব বুলি জানিবলৈ দিয়ে।আগন্তক লোকসভাৰ নিৰ্বাচনত দলক গুৰুত্ব দিয়াতকৈ প্ৰাৰ্থীক গুৰুত্ব দি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁ আহ্বান জনায়।
আনহাতে এই সংবাদমেলখনতে সংগঠনটোৱে মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰে।যদি এইবাৰৰ নিৰ্বাচনত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰে,তেন্তে অনাগত দুই মাহৰ ভিতৰত ছয় জনগোষ্ঠীৰ লগতে আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰিব লাগিব বুলি উল্লেখ কৰে।অন্যথা ২০২১ৰ নিৰ্বাচনত তাই আহোম যুৱ পৰিষদে অসমৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলাব বুলি কয়।সংবাদমেলখনত সংগঠনটোৰ সদস্য সুভাষীশ ডেকা উপস্থিত থাকে।
- Log in to post comments
- 5 views