দুই প্ৰধান দলৰ দুই মহিলা প্ৰাৰ্থীৰ মাজত হ'ব গুৱাহাটী দখলৰ যুঁজ

ghy

লোকসভা নিৰ্বাচনৰ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত কংগ্ৰেছ দলে ঘোষণা কৰিলে সন্মানীয় গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থীৰ নাম। সেই অনুসৰি কংগ্ৰেছ দলৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ'ব ববিতা শৰ্মা।ববিতা শৰ্মাৰ নাম ঘোষণা কৰাৰ লগে লগে অধিক আকৰ্ষণীয় হৈ পৰিছে গুৱাহাটী লোকসভা সমষ্টিৰ নির্বাচন। ফলত এতিয়া গুৱাহাটী লোকসভা সমষ্টিৰ দুয়োটা মূল দলৰ প্ৰাৰ্থী হ'ব মহিলা-কুইন ওজা আৰু ববিতা শৰ্মা। আনহাতে,গুৱাহাটী লোকসভা সমষ্টিত এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াব দুগৰাকীকৈ জ্যেষ্ঠ অধিবক্তাই।এগৰাকী উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধীৰ মঞৰ মুখ্য আহ্বায়ক উপমন্যু হাজৰিকা আৰু আন গৰাকী হৈছে উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা চলচ্চিত্ৰ পৰিচালক জোনমণি দেৱী খাউণ্ড।গুৰুত্বপূৰ্ণ কথা এই যে গুৱাহাটী সমষ্টিত এইবাৰ যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব,সেই সকলৰ ভিতৰত কোনো এগৰাকী প্ৰাৰ্থী পূৰ্বতে সংসদীয় নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই।

Your Comments