আজমলৰ জৰা-ফুকা পানী এইবাৰৰ নিৰ্বাচনত কামত নাহিব:কুইন ওজা

bhot

লোকসভাৰ নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে, সিমানে ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ  মাজত বৃদ্ধি পাইছে সমালোচনা ৰাজনীতি।ইয়াৰে নিদৰ্শন হিচাপে দুধনৈৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি প্ৰাৰ্থীগৰাকীয়ে নাম নোলোৱাকৈ সমালোচনা কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক।তেওঁ কয় যে বদৰুদ্দিন আজমলৰ শৰণাপন্ন হৈ কলিয়াবৰত পুত্ৰৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰাব বিচাৰিছে  তৰুণ গগৈয়ে।লগতে কংগ্ৰেছ দলটোক সমালোচনা কৰি কয় যে তেজপুৰত কংগ্ৰেছে মানুহ বিচাৰি নাপাই চালানী মানুহক টিকট প্ৰদান কৰিছে।
আনহাতে, বদৰুদ্দিন আজমলক সমালোচনা কৰি তেওঁ কয় যে নিজকে সংখ্যালঘু মানুহৰ ত্ৰাণকৰ্তা বুলি জাহিৰ কৰা আজমলৰ জৰা-ফুকা পানী এইবাৰ নিৰ্বাচনত কামত নাহিব।

Your Comments