ৰাজেন গোহাঁইক নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদানৰ বিৰোধিতা কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ

ৰাজেন গোঁহাইক নগাঁও লোকসভা পদৰ প্ৰাৰ্থিত্ব প্ৰদানৰ বিৰোধিতা কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ

যৌন কেলেংকাৰীত অভিযুক্ত নগাঁৱৰ বৰ্তমানৰ সাংসদ ৰাজেন গোহাঁইক পুনৰ টিকট প্ৰদান নকৰাৰ দাবীৰে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সংবাদমেল। সংবাদমেল সম্বোধন কৰি সংগঠটোৰ সভাপতি প্ৰদীপ কলিতাই বিস্ফোৰণ ঘটাই কয় যে নগাঁও লোকসভা সমষ্টিৰ জীয়ৰী-বোৱাৰীসকলৰ এতিয়া যৌন কেলেংকাৰীত জড়িত ৰাজেন গোহাঁইৰ পৰা শান্তি নোহোৱা হৈছে। লগতে উল্লেখ কৰে যে দুৰ্নীতি, ভ্ৰষ্টাচাৰী তথা যৌন কেলেংকাৰীত জড়িত ৰাজেন গোহাঁই বিগত চাৰিটা কাৰ্যকাল নগাঁও লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হ'ল।

কিন্তু চাৰিটা বছৰে ভ্ৰষ্টাচাৰী সাংসদজনে সমষ্টি উন্নয়নৰ বাবে কোনো পুঁজি খৰচ নকৰিলে। লগতে বিজেপি দলৰ নেতৃত্বক দাবী জনাই কয় যে আগন্তুক লোকসভা নিৰ্বাচনত দুৰ্নীতি-ভ্ৰষ্টাচাৰ আৰু যৌন কেলেংকাৰীত নিমজ্জিত সাংসদজনক যাতে পুনৰ দলীয় টিকট প্ৰদান নকৰে তাৰবাবে আহ্বান জনায়। ইয়াৰ উপৰি আজিৰ সংবাদমেলত ইতিমধ্যে কৃষক শ্ৰমিক উন্নয়ন পৰিষদে দুৰ্নীতি আৰু যৌন কেলেংকাৰীত জড়িত ৰাজেন গোহাঁইক দলীয় টিকট প্ৰদান নকৰাৰ বাবে পৃথকে পৃথকে দলৰ নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা কলিতাই জানিবলৈ দিয়ে।

ৰাজেন গোঁহাইক নগাঁও লোকসভা পদৰ প্ৰাৰ্থিত্ব প্ৰদানৰ বিৰোধিতা কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ

সেই হিচাপে আগন্তুক নিৰ্বাচনত টিকট প্ৰদান নকৰিবলৈ দলৰ কেন্দ্ৰীয় সভাপতি অমিত শ্বাহ, ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু নেডাৰ আহ্বায়ক, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ দিয়া বুলি জানিবলৈ দিয়ে। লগতে আজি সংবাদমেলৰ জৰিয়তে পুনৰবাৰ বিজেপি দলক সকীয়নি প্ৰদান কৰি কয় যদি ইমানৰ পাছতো যদি বিজেপি দলে পুনৰবাৰ নগাঁও লোকসভা সমষ্টিত ৰাজেন গোহাঁইক টিকট প্ৰদান কৰে তেন্তে সংগঠনটোৱে সমগ্ৰ নগাঁও লোকসভা সমষ্টিত বিজেপি দল আৰু ৰাজেন গোহাঁইৰ বিৰুদ্ধে প্ৰচাৰ চলাব৷ 

আনহাতে, এই সংবাদমেলতে সংগঠনটোৱে জানিবলৈ দিয়ে যে ৰাজেন গোহাঁইক পুনৰ টিকট প্ৰদান নকৰা আৰু বিজেপি দলৰ পৰা সম্পূৰ্ণৰূপে বহিষ্কাৰ কৰাৰ দাবীৰে কাইলৈৰ পৰা নগাঁৱত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা। সেই অনুযায়ী কাইলৈ সমগ্ৰ নগাঁও লোকসভা সমষ্টিত "বেটী বচাও, ৰাজেন গোহাঁই হতাও" কাৰ্যসূচী পালন কৰিব। ইয়াৰ উপৰি অহা ১০ মাৰ্চ তাৰিখৰ দিনা নগাঁও জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত ৰাজেন গোহাঁইৰ বিৰুদ্ধে সংগঠনটোৱে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব বুলি জানিবলৈ দিয়ে।

Your Comments