আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে গুৱাহাটীত প্ৰতিবাদী সমদল উলিয়াই সদৌ অসম গৰীয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদে। আমবাৰী বুঢ়া মছজিদৰ পৰা দীঘলীপুখুৰীৰ পাৰলৈকে সংগঠনটোৱে উলিয়াই এই প্ৰতিবাদী সমদল।প্ৰতিবাদকাৰীসকলে দাবী কৰে যে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া পাকিস্তানক সম্পূৰ্ণভাৱে ধ্বংস কৰিব লাগে।লগতে যোৱা ২৬ ফ্ৰেব্ৰুৱাৰীত পাকিস্তানৰ ভূমিত আক্ৰমণেৰে সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ বাবে যি ভূমিকা গ্ৰহণ কৰিলে, তাৰ বাবে বায়ুসেনাক ধন্যবাদ জ্ঞাপন কৰে।
লগতে সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ বাবে সেনাবাহিনীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পূৰ্ণ স্বাধীনতা অৰ্পণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। প্ৰতিবাদকাৰীসকলে পাকিস্তান মূর্দাবাদ, সন্ত্ৰাসবাদী নিপাত যাওঁক, ভাৰতীয় সেনাবাহিনী জিন্দাবাদ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে।ইফালে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাহিত্যক- সমালোচক ৰফিউল হুছেইন বৰুৱাই কয় যে সন্ত্ৰাসবাদীৰ কোনো জাতি-ধৰ্ম নাই।সেইবাবে সন্ত্ৰাসবাদীক দমন কৰি সন্ত্ৰাসবাদ মুক্ত এখন সুস্থ সমাজ প্ৰতি কৰিব লাগে।লগতে কয় সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া পাকিস্তানক সমগ্ৰ বিশ্বই এঘৰীয়া কৰিব লাগে বুলিও দাবী জনায়।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম গৰীয়া মৰিয়া যুৱ- ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মইনুল হকে সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে প্ৰধান মন্ত্ৰী মোডীক ধন্যবাদ জ্ঞাপন কৰে।আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ প্ৰায় দুই শতাধিক সদস্যই অংশগ্ৰহণ কৰে।
- Log in to post comments
- 6 views