তেজপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপি দলৰ বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ৰাজনৈতিক মহলত চৰ্চা চলি থকাৰ সময়তে তেজপুৰৰ বিজেপি সাংসদ ৰামপ্ৰসাদ শৰ্মাৰ তীৰ্যক মন্তব্য। তেওঁৰ মতে তেজপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলৰ হৈ প্ৰতিদ্বন্দ্বিতা নকৰে। কাৰণ এখন হাবিত দুটা বাঘ নাথাকে।
লগতে তেওঁ কয়, 'মই বিজেপি দলৰ কেৱল বাঘেই নহয়, এটা সিংহও হয়। সেইবাবে তেজপুৰত মই টিকট পোৱাটো এশ শতাংশ নিশ্চিত।' আনহাতে, ৰাজনৈতিক নেতাগৰাকীয়ে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতাসকলে দিয়া ভাষণ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণভাৱে কয় যে এজন ৰাজনৈতিক নেতাৰ ভাষণৰ কোনো মূল্য নাই৷ ৰাজনৈতিক নেতাসকলে কেৱল ভাষণৰ ফুলজাৰিহে মাৰিব জানে।
লগতে তেওঁ উল্লেখ কৰে বিগত ৭০ বছৰে ৰাজনৈতিক নেতাসকলে যি ভাষণ-প্ৰতিশ্ৰুতি দিলে সেই ভাষণ-প্ৰতিশ্ৰুতিৰ কোনো মূল্য নাই। গতিকে মই ৰাজনৈতিক ভাষণৰ বিপৰীতে সমাজৰ স্বাৰ্থত কথা কৈছোঁ বুলিও নিজৰ অভিমত ব্যক্ত কৰে। ইয়াৰ উপৰি তেওঁ নিজকে এজন ৰাজনৈতিক নেতা নহয় বুলি উল্লেখ কৰি কয়ে মই এজন সংঘৰ সদস্যৰ লগতে এজন অধিবক্তা।
- Log in to post comments
- 50 views