লোকসভা নিৰ্বাচনৰ সময় যিমানে চমু চাপি আহিছে, সিমানে তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ । কি কংগ্ৰেছ, কি বিজেপি-সকলো এতিয়া ব্যস্ত প্ৰাৰ্থীৰ নিৰ্বাচনত। তাৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছ দলে অসমৰ ১৪ খন আসনৰ ১১ খন আসনৰ বাবে মুঠ ৩৯ গৰাকী সম্ভাব্য প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে চূড়ান্ত কৰিছে।এই ৩৯ গৰাকীৰ মাজৰ পৰাই ১১ টা লোকসভা সমষ্টিৰ বাবে চূড়ান্ত প্ৰাৰ্থী নিৰ্বাচন কৰিব কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে।
তালিকাত অন্তৰ্ভুক্ত হোৱা সম্ভাব্য প্ৰাৰ্থীসকল ক্ৰমে,ধুবুৰীত-ৱাজেদ আলি চৌধুৰী, ডঃ মতিউৰ মণ্ডল, আমজাদ আলি আৰু আব্দুল হানিফ। বৰপেটাত- শ্বেৰমান আলি, আব্দুল হাই নাগৰী, আব্দুল খালেক আৰু শংকৰ প্ৰসাদ ৰায়। গুৱাহাটীত ভুৱনেশ্বৰ কলিতা, ববিতা শৰ্মা,বলীন বৰদলৈ আৰু ৰমেন বৰঠাকুৰ। ডিব্ৰুগড়ত- মনোজ ধানোৱাৰ, পৱন সিং ঘাটোৱাৰ, ৰাজু চাহু। যোৰহাটত- গায়ত্ৰী সন্দিকৈ, সুশান্ত বুঢ়াগোহাঁই, শুভামিত্ৰা গগৈ। কৰিমগঞ্জত- স্বপন দাস আৰু ৰাজা দাস। কোকৰাঝাৰত- দুৰ্গা দাস বড়ো, যমন সিং ব্ৰহ্ম আৰু শব্দ ৰাভা।
নগাঁৱত- প্ৰদ্যুত বৰদলৈ, ৰমেশ বৰদলৈ, দুৰ্লভ চমুৱা আৰু বিষ্ণু প্ৰসাদ। তেজপুৰত- দিলীপ বৰুৱা, শান্তিয়াছ কজুৰ, এমজিকে ভানু আৰু অভিজিত হাজৰিকা। লখিমপুৰত- যোগেশ পেগু, জয়প্ৰকাশ দাস, অনিল বুঢ়াগোহাঁই, শৈলেন সোণোৱাল। মঙলদৈত- ডঃ জয়নাথ শৰ্মা, দ্বিজেন শৰ্মা, ৰূপাৰাণী দাস আৰু ভুৱনেশ্বৰ কলিতাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে অন্য তিনিটা সমষ্টিৰ বাবে কংগ্ৰেছ দলে ইতিমধ্যে চূড়ান্ত কৰিছে প্ৰাৰ্থী।সেই অনুযায়ী কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ,শিলচৰৰ বাবে সাংসদ সুস্মিতা দেৱ আৰু ডিফু সমষ্টিৰ বাবে নিৰ্বাচন কৰিছে বীৰেন সিং ইংতিক।
- Log in to post comments
- 345 views