দুৰ্নীতিৰ অভিযোগত ৬ মীন বিষয়াক নিলম্বন ৰাজ্য চৰকাৰৰ

দুৰ্নীতিৰ অভিযোগত ৬ মীন বিষয়াক নিলম্বন ৰাজ্য চৰকাৰৰ

দুৰ্নীতিৰ অভিযোগত অভিযুক্ত ৰাজ্যৰ ৬ মীন বিষয়াক একেদিনাই নিলম্বন ৰাজ্য চৰকাৰৰ। নিলম্বিত মীন বিষয়াকেইজন হ"ল কামৰূপ জিলাৰ গৰৈমাৰি উন্নয়ন খণ্ডৰ মীন পৰিদর্শক ৰাজেন দাস, শোণিতপুৰ বৰচলা উন্নয়ন খণ্ডৰ মীন বিষয়া বিশ্বজিৎ কাশ্যপ, ডিমৰীয়া উন্নয়ন খণ্ডৰ মীন পৰিদর্শক দেৱেশ্বৰ সোণোৱাল, গোৱালপাৰা সহকাৰী মীন বিষয়া প্ৰতুল দাস, নগাঁৱৰ দুই মীন পৰিদর্শক ক্ৰমে বাজিয়াগাঁও উন্নয়ন খণ্ডৰ মীন পৰিদর্শক মানোৱাৰ হুছেইন আৰু লাওখোৱা উন্নয়ন খণ্ডৰ মীন পৰিদর্শক আব্দুল বাৰিকক নিলম্বন কৰা হৈছে। উল্লেখ্য যে নিলম্বিত মীন বিষয়াকেইজন দীর্ঘ দিনৰ পৰা কামৰ প্ৰতি অনীহা, অপকৰ্ম তথা দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগ উথাপন কৰি আহিছিল ৰাইজে। তাৰ ভিত্তিতে আটাইকেইজনক নিলম্বন কৰা হৈছে দায়িত্বৰ পৰা।

Your Comments