ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰামণে আজি পুৱা সাক্ষাৎ কৰে বায়ু সেনাৰ উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমানক। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উইং কামাণ্ডাৰজনক সাক্ষাৎ কৰি তেওঁৰ শেহতীয়া স্বাস্থ্য অৱস্থাৰ বুজ লয়। উল্লেখ্য যে ভাৰত আক্ৰমণ কৰিবলৈ অহা পাকিস্তানৰ যুঁজাৰু বিমান এফ-১৬ ধ্বংস কৰিবলৈ ভাৰতীয় বায়ু সেনাবাহিনী মিগ-২১ লৈ আক্ৰমণ কৰিছিল শত্ৰু পক্ষ উইং কামাণ্ডাৰ অভিনন্দনে । সেই আক্ৰমণত বায়ু সেনা বীৰ উইং কামাণ্ডাৰজনে পাকিস্তানৰ এখন এফ-১৬ বিমান ধ্বংস কৰিছিল।
ইয়াৰ পাছতে ভাৰতীয় মিগ-২১ বিমানখনো পাকিস্তানৰ সেনা গুলীত ধ্বংস হ'ব লগা হৈছিল। ঠিক ধ্বংস হোৱা কথা গম পাই ভাৰতীয় বীৰ পাইলটজনে ভিতৰত থকা নিজৰ পেৰাছোট খুলি তললৈ জাপ দিছিল। কিন্তু অতি দুভাগ্য জনকভাৱে পেৰাছোট খুলি তললৈ নামি অহা ভাৰতীয় বীৰ উইং কমাণ্ডাৰজন পাকিস্তানৰ ভূমিত পৰিছিলগৈ। তাৰ পাছতে পাকিস্তানৰ জনতাই ভাৰতীয় পাইলটজনক উপয়োপৰি আক্ৰমণ কৰিছিল আৰু তাৰ পিছত পাকিস্তানৰ সেনাই বন্দী কৰিছিল ভাৰতীয় পাইলটজনক।
তাৰ পিছতে ভাৰতৰ দাবী আৰু বিশ্ব অন্যান্য দেশৰ সকীয়নিত জেনেভা চুক্তি জৰিয়তে পাকিস্তানে শুক্ৰবাৰে ভাৰতীয় বায়ু সেনা উইং কমাণ্ডাৰ অভিনন্দন বৰ্থমানক ভাৰতক চমজাই দিছিলি। তাৰ পিছতে ভাৰতীয় বীৰ পাইলটজনক দিল্লীলৈ লৈ অনা হয় আৰু বৰ্তমান তাতে স্বাস্থ্য পৰীক্ষাৰ কৰি থকা হৈছে বীৰ কমাণ্ডাৰজনক। তাতে সাক্ষাৎ কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।
- Log in to post comments
- 48 views