স্মাৰ্ট পুলিচৰ চকুত ধূলি মাৰি ৰাজ্যত দিনে-দিনে বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা।কেতিয়াবা যদি মন্দিৰৰ বিগ্ৰহত চোৰৰ হাত পৰে, কেতিয়াবা আকৌ চৰকাৰী বিষয়াৰ ঘৰত ডকাইত সোমাই লৈ যায় মূল্যৱান। তেনে এক ভয়ংকৰ ডকাইতিৰ ঘটনাই এইবাৰ সংঘটিত হৈছে গুৱাহাটী মহানগৰীত।
মহানগৰীৰ বশিষ্ঠ থানাৰ অন্তৰ্গত এজন চৰকাৰী বিষয়াৰ ঘৰত যোৱা নিশা সংঘটিত হয় এক চাঞ্চলকৰ ডকাইতিৰ ঘটনা।ঘটনা অনুসৰি বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত অসম চৰকাৰৰ হস্ত-তাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগত কৰ্মৰত অতিৰিক্ত সচিব কনকসেন ডেকাৰ ঘৰত শুকুৰবাৰৰ নিশা ১বজাত প্ৰৱেশ কৰিছিল এটা অস্ত্ৰধাৰী ডকাইতৰ দল।ডকাইতৰ দলটোৱে ডেকাৰ ঘৰত প্ৰৱেশ কৰিয়েই তেওঁৰ হাত-ভৰি বান্ধিলে আৰু লৈ গ'ল আ-অলংকাৰৰ লগতে নগদ পাঁচ লাখ টকা।গুৱাহাটীত স্মাৰ্ট পুলিচৰ সন্মুখতে নাগৰিক দিনক-দিনে নিৰাপত্তাহীন হৈ পৰাত উদ্বিগ্ন হৈ পৰিছে মহানগৰীৰ সচেতন মহল।
- Log in to post comments
- 9 views