অসম চৰকাৰৰ বঞ্ছনাৰ বিৰুদ্ধে সংবাদমেল সম্বোধন সদৌ অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিৰ। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা উক্ত সংবাদমেলত উপস্থিত থাকে সমিতিখনৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ দাস প্ৰমুখ্যে কেইবাজনো সদস্য। সংবাদমেল সম্বোধন কৰি সাধাৰণ সম্পাদক দাসে কয় যে অসম চৰকাৰে ২০০৮ চনত উত্তৰ কাছাৰ পাৰ্বত্য জিলাত উন্নয়নমূলক কাম সম্প্ৰসাৰণ কৰাৰ বাবে প্ৰধান প্ৰতিবন্ধক হিচাপে থিয় দিছিল পাৰ্বত্য জিলাখনৰ দুই উগ্ৰপন্থী সংগঠন ডিএইচডি আৰু এনএছচিএন।
উক্ত উগ্ৰপন্থী সমস্যা অসম আৰক্ষীয়ে অকলে নিয়ন্ত্ৰণ কৰিব নোৱাৰা বাবে সেই জিলাখনত ২০০৮ চনত অসম চৰকাৰৰ গৃহ বিভাগে অতিৰিক্তভাৱে অস্ত্ৰ প্ৰশিক্ষণ দি নিয়োগ কৰিছিল বিশেষ আৰক্ষীৰ বিষয়া হিচাপে ৮৫০ জনকৈ যুৱকক। সেই যুৱকসকলক উক্ত জিলাখনত উগ্ৰপন্থী বিৰুদ্ধে অভিযানত প্ৰশাসনৰ বিভিন্ন অপাৰেচনত সহায় কৰা । সেই সময়ত উগ্ৰপন্থী বিৰোধী অভিযানত উগ্ৰপন্থীৰ হাতত ওদালগুৰি মুনিন্দৰ বাগলাৰী, লখিমপুৰ বিশ্বেশ্বৰ বৰা আৰু ললিত বৰগোঁহাই প্ৰাণ আহুতি দিব লগা হৈছিল।
কিন্তু অতি পৰিত্ৰাপৰ কথা সেই সময়তে অসম চৰকাৰে উগ্ৰপন্থী সমস্যা সমাধান কৰাৰ বাবে এইসকল বিশেষ আৰক্ষীৰ বিষয়া (এছপিঅ') চাকৰি আজি পৰ্যন্ত নিয়মীয়াকৰণ নকৰিলে। অসম চৰকাৰে ২০১৫ চনৰ পৰা এই ৮৫০ জন এছপিঅ'ক সম্পূৰ্ণ কামৰ পৰাও আঁতৰাই ৰাখিছে বুলি জানিবলৈ দিয়ে। ইয়াৰ উপৰিও আজি সংবাদমেলৰ জৰিয়তে তেওঁলোকে উল্লেখ কৰে অসম চৰকাৰৰ গৃহবিভাগৰ ওচৰত তেওঁলোকৰ স্থায়ী নিযুক্তি বাবে দীৰ্ঘদিন ধৰি দাবী জনায় আহিছে।
সেই দাবী প্ৰতি অসম চৰকাৰৰ গৃহবিভাগে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে এআইএছএফঅ গঠন কৰি তেওঁলোকক নিযুক্ত দিব বুলি জানিবলৈ দিছিল। তাৰ পিছত সেই নিযুক্তি বাবে অসম চৰকাৰৰ গৃহবিভাগে বিত্ত বিভাগলৈ তেওঁলোকৰ ফাইলো প্ৰেৰণ কৰিছিল। কিন্তু অতি পৰিত্ৰাপৰ কথা অসম গৃহবিভাগে প্ৰেৰণ কৰা সেই ফাইল ১১ বাৰকৈ ঘুৰি আহিছে বিত্তৰ বিভাগৰ সমৰ্থন নোপোৱা বাবে বুলিও জানিব দিয়ে।
সেয়েহে তেওঁলোকৰ দাবী অসম চৰকাৰে অতি সোনকালে তেওঁলোকক অসম আৰক্ষীৰ খালী হৈ থকা পদসমূহত নিযুক্তি দিব লাগে। যিসকল এছপিঅ' জোৱান সেই সময়ত উত্তৰ কাছাৰ পাৰ্বত্য জিলাত উগ্ৰপন্থী গুলী আৰু মহামৰী ৰোগ হৈ মৃত্যু হ'ব লগা হৈছিল তেওঁলোকৰ পৰিয়ালক তাৰ ক্ষতি পূৰণ দিব লাগে। লগতে তেওঁলোকে উল্লেখ কৰে কাশ্মীৰ সীমান্তত উগ্ৰপন্থী গুলীত মৃত্যু হোৱা জোৱানসকলক সাহায্য আৰু সন্মান জনোৱা হয় সেই একেদৰে এছপিঅ' ছহিদ জোৱানসকলকো সেই একে সন্মান আৰু সাহায্য প্ৰদান কৰিব লাগে বুলি দাবী জনায়।
- Log in to post comments
- 31 views