কেন্দ্ৰৰ মোডী চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে মহানগৰৰ দীঘলীপুখুৰীৰ পাৰত চিপিআই(এম)ৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। পুৱা ১২ বজাৰ পৰা গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ভাৰতৰ কমিউনিষ্ট পাৰ্টী অসম ৰাজ্যিক পৰিষদৰ কামৰূপ মেট্ৰ জিলা সদস্যসকলে। ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক পৰিষদৰ সম্পাদক মুনিন মহন্তই কয় যে মোডী চৰকাৰৰ ৰাফেল বিমান কেলেংকাৰী তদন্তৰ বাবে সংসদৰ যুটীয়া কমিটি গঠন কৰিব লাগে।
ইয়াত উপৰিও তেওঁলোকে ৰাফেল যুদ্ধ বিমানৰ ঠিকা সন্দৰ্ভত মোডী চৰকাৰক প্ৰশ্ন কৰি কয়- পূৰ্বতে ভাৰতৰ সুখয় যুদ্ধ জাহাজ নিৰ্মাণ কৰা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিন্দুস্থান এয়াৰন'টিকচক ৰাফেল ক্ৰয় কৰাৰ ঠিকাৰ পৰা বঞ্চিত কৰি অনিল আম্বানী নেতৃত্বাধীন ৰিলায়েঞ্চ ডিফেন্সক দিয়া হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে। তেওঁলোকে তাপয্যপূৰ্ণভাৱে কয় যে অনিল আম্বানীৰ নেতৃত্বাধীন ৰিলায়েঞ্চ ডিফেন্স নামৰ কোম্পানীটোৱে ৰাফেলৰ ক্ৰয়ৰ নামত ৩০ হাজাৰ কোটি টকা আত্মসাত কৰা বুলিও অভিযোগ উত্থাপন কৰে।
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰায়ে কয় দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতা নীতি কথা। কিন্তু অতি পৰিত্ৰাপৰ কথা বৰ্তমান সময়ত ৰাজ্যখনত কয়লা, তেল, কণী, মাছ, পান আদি সকলো ওপৰত ব্যাপক দুৰ্নীতি সংঘটিত হৈ আছে বুলি উল্লেখ কৰে।
উত্তৰ কাছাৰ হাজাৰ কোটিটকীয়া কেলেংকাৰী, সাৰদা, ৰোজভেলী চিটফাণ্ড কেলেংকাৰী, লুইচ বাৰজা কেলেংকাৰী উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে বুলি বুলিও দাবী জনায়।
- Log in to post comments
- 14 views