'অসম উদ্যান সমিতি'ৰ উদ্যোগত ২৪ তম্ বার্ষিক ৰাজ্যিক কৃষি-উদ্যান শস্যৰ প্ৰদৰ্শনী -২০১৯

'অসম উদ্যান সমিতি'ৰ উদ্যোগত ২৪ তম্ বার্ষিক ৰাজ্যিক কৃষি-উদ্যান শস্যৰ প্ৰদৰ্শনী-২০১৯


ৰাজ্য উদ্যান শস্যৰ প্ৰসাৰ আৰু বিকাশৰ হকে প্ৰতি বছৰৰ দৰে এইবাৰো 'অসম উদ্যান সমিতি"য়ে আয়োজন কৰিছে ২৪তম বার্ষিক ৰাজ্যিক কৃষি-উদ্যান শস্যৰ প্ৰদৰ্শনী-২০১৯। গুৱাহাটী খানাপাৰাৰ গণেশ মন্দিৰৰ ইনড'ৰ ষ্টেডিয়ামত  ১ মাৰ্চৰ পৰা ৪মাৰ্চলৈকে অনুষ্ঠিত হ'ব এই প্ৰদৰ্শনী অনুষ্ঠান।
 

উল্লেখ যে পূৰ্বৰ বর্ষ সমূহৰ দৰে এইবাৰো এই প্ৰদৰ্শনী অনুষ্ঠানত সমগ্ৰ অসমৰ মুঠ ৭০খন কৃষিক বিপনীয়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে আয়োজক সমিতিয়ে। লগতে আয়োজন সমিতিয়ে জানিবলৈ দিয়ে অংশগ্ৰহণ কৰিব লগা ৭০খন বিপনীৰ ভিতৰত আছে ৩৫খন নাৰ্ছাৰী। বিপৰীতে অন্য ৩৫ খন বিভিন্ন কৃষিৰ লগত জড়িত বিপনী। 

'অসম উদ্যান সমিতি'ৰ উদ্যোগত ২৪ তম্ বার্ষিক ৰাজ্যিক কৃষি-উদ্যান শস্যৰ প্ৰদৰ্শনী-২০১৯

ইয়াৰ উপৰিও তেওঁলোকে জানিবলৈ দিয়ে যে কৃষি আৰু উদ্যান শস্যৰ প্ৰতি নতুন প্ৰজন্ম উৎসাহ আৰু প্ৰেৰণা জনোৱাৰ বাবে উৎপাদিত আৰু মূল্যসংযোজিত সামগ্ৰীৰ ১৫ টা শিতানত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথাও।

তাৰ ভিতৰত ফল-মূল,ফুল,শাক-পাচলি,টাবত ৰোৱা ফুল আদি উৎপাদন ওপৰত প্ৰতিযোগিতা। ঠিক একেদৰে ছাত্ৰ-ছাত্ৰী সকলক কৃষিৰ প্ৰতি আগ্ৰহী আৰু সজাগ কৰি তোলা লক্ষ্যৰে কৃষি লগত জড়িত থকা বিষয়ৰ ওপৰত কুইজ আৰু চিত্ৰাংকণ প্ৰতিযোগিতা আয়োজন কৰা বুলি জানিবলৈ দিয়ে।

ইয়াৰ উপৰিও আয়োজক সমিতিয়ে আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল যোগে জানিবলৈ দিয়ে যে এই চাৰি দিনীয়া প্ৰদৰ্শনী অনুষ্ঠানত প্ৰতি দিনেই কৃষি আৰু উদ্যান শস্যৰ প্ৰাসংগিকতা, কিদৰে ইয়াৰ চাহিদা বৃদ্ধি কৰিব পাৰি, কিদৰে ইয়াক প্ৰস্তুত কৰিব পাৰি আদি সকলোবোৰ দিশ সামৰি প্ৰশিক্ষণ,আলোচনা চক্ৰ, কৌশল প্ৰদৰ্শনৰ ব্যৱস্থা কৰা বুলিও জানিবলৈ দিয়ে। 

লগতে উল্লেখ কৰে উদ্যান শস্যৰ লগত জড়িত বিজ্ঞানী বিশেষজ্ঞৰ লগত মত-বিনিময় অনুষ্ঠানৰ কথাও। 

আনহাতে আজি সংবাদ মেলত আয়োজক সমিতি সভাপতি কৈলাছ চন্দ্ৰ তালুকদাৰে অনুষ্ঠানতো আয়োজনৰ সম্পৰ্কত কয় যে পূৰ্ব বর্ষ সমূহত এই অনুষ্ঠাটোৰ লগত অসম চৰকাৰৰ কৃষি বিভাগ জড়িত হৈ আছিল।

বিশেষ অনুষ্ঠানতো আয়োজন কৰাত ৰাজ্য কৃষি বিভাগে সহায় কৰিছিল । কিন্তু এই বর্ষত ৰাজ্য কৃষি বিভাগে তেওঁলোকৰ এই অনুষ্ঠানৰ প্ৰতি পূৰ্বৰ বছৰৰ সমূহৰ দৰে পূৰ্ণ সমৰ্থন আগবঢ়োৱা নাই বুলি জানিবলৈ দিয়ে।

ইয়াৰ উপৰিও তেওঁলোকে কয় যে ৪দিনীয়াকৈ আয়োজন কৰিবলৈ লোৱা এই অনুষ্ঠানৰ মুঠ বাজেট ১০,০০০০ টকা। প্ৰদর্শনী অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিখন বিপনীৰ চাৰি দিনৰ ভাড়া ৫০০০টকাকৈ তেওঁলোকে নিৰ্ধাৰণ কৰা কথা।
 আনহাতে আজি এই সংবাদ মেলত উপস্থিত থাকে আয়োজক সমিতি আহ্বায়ক গৌৰীসংকৰ তালুকদাৰ,ৰুবি দত্ত বৰা।

Your Comments