নেডফিৰ দ্বাৰা দুদিনীয়াকৈ আয়োজিত ৰাষ্ট্ৰীয় জনগোষ্ঠীয় মেলাৰ সফল সামৰণি

 দুদিনীয়াকৈ আয়োজিত ৰাষ্ট্ৰীয় জনগোষ্ঠীয় মেলাৰ সফল সামৰণি

জনগোষ্ঠীয় লোকসকলক বহুলভাবে প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে নেডফিয়ে ২৭ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়াকৈ আয়োজিত কৰিছিল ৰাষ্ট্ৰীয় জনগোষ্ঠীয় মেলা। 

নেডফিৰ দ্বাৰা দুদিনীয়াকৈ আয়োজিত ৰাষ্ট্ৰীয় জনগোষ্ঠীয় মেলাৰ সফল সামৰণি

গুৱাহাটী লক্ষীধৰ বৰা ক্ষেত্ৰত আয়োজিত কৰা এই জনগোষ্টীয় মেলা অংশগ্ৰহণ কৰিছিল ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ ৩৮ খনকৈ বিপনীয়ে। তাৰ ভিতৰত আছিল বিভিন্ন জনগোষ্ঠী সমূহৰ সাজ-পোছাক, আ-অলংকাৰ, খাদ্যসম্ভাৰ আদি বিপনীসমূহ। 

উল্লেখ যে দুদিয়ানকৈ আয়োজন কৰা এই মেলা আজি সামৰণি পৰে। ইফালে মেলাত অংশগ্ৰহণ কৰা বিপনী সমূহে জানিবলৈ দিয়া অনুসৰি মেলাখনত বিক্ৰী খুব সেৰেঙা। বহুতৰে অভিযোগ মেলাখনত অংশগ্ৰহণ কৰাৰ মূল্যই তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই।

Your Comments