ভাৰতীয় সেনাত কৰ্মৰত সৰভোগৰ তিনি ভাতৃলৈ বিদেশী জাননী  : প্ৰতিক্ৰিয়া

top_sarabhog

সীমান্ত আৰক্ষীৰ মইমতালিৰ বাবেই দেশ সেৱাত নিয়োজিত সেনা জোৱানলৈ জাৰী কৰা হৈছে বৈদেশিক ন্যায়াধিকৰণৰ জাননী । এই অভিযোগ জামাত-ই-ইছলামী হিন্দ উত্তৰ-পূব মণ্ডলৰ। আজি গুৱাহাটী প্ৰেছ ক্লাবত সংগঠনটোৰ প্ৰচাৰ সম্পাদক ছফিকুল ইছলামে এখন সংবাদমেল সম্বোধন কৰি কয় যে সীমান্ত আৰক্ষীৰ গোচৰৰ ভিত্তিত বৈদেশিক ন্যায়াধীকৰণে ভাৰতীয় সেনাবাহিনীত কৰ্মৰত তিনি ভাতৃলৈ বিদেশীৰ জাননী জাৰি কৰিছে। তেওঁলোক হৈছে বৰপেটা জিলাৰ সৰভোগৰ ছহিদুল ইছলাম, ডেলবৰ হুছেইন, মিজানুৰ ৰহমান।

লগতে তেওঁ উল্লেখ কৰি কয় যে বিদেশী জাননী পোৱা ছহিদুল ইছলাম কলকাতাত বৰ্তমান কৰ্মৰত এজন ভাৰতীয় সেনা৷ সেই হিচাপে তেওঁ এই বিদেশী জাননি পোৱা পাছতে কলকাতাৰ সেনা কাৰ্যলয়ত সেনাৰ মুখ্য বিষয়াক অৱগত কৰিছিল সমগ্ৰ বিষয়টো। তাৰ পাছতে কলকাতা কাৰ্যালয়ৰ সেনা মুখ্য বিষয়াগৰাকীয়ে এই সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, বৈদেশিক ন্যায়াধিকৰণলৈ পত্ৰ প্ৰেৰণ কৰিছিল বুলিও অৱগত কৰে৷

তেওঁ বিদেশী নহয়, তেওঁলোক ভাৰতীয় সেনাবাহিনী সদস্য বুলি জনাই দিছিল৷ কিন্তু অতি পৰিতাপৰ কথা যে সেনা বিষয়াগৰাকীয়ে পত্ৰ প্ৰেৰণ কৰাৰ পিছতো মুখ্যমন্ত্ৰী, আৰক্ষীৰ সঞ্চালক প্ৰধানসহ কোনো উচ্চ পৰ্যায়ৰ বিষয়াই তেওঁলোকৰ জাননী প্ৰত্যাহাৰ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে।

ইয়াৰ উপৰিও সংগঠনটোৱে কয় যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তত্বাৱধানত যিহেতু এনআৰচি উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি আছে৷ সেইবাবে এই সময়ত বিদেশী জাননী জাৰী কৰা প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ কৰিব লাগে।কাৰণ এনআৰচি সম্পূৰ্ণ হ'লে কোন স্বদেশী আৰু কোন বিদেশী চিনাক্ত হ'ব৷ লগতে সংগঠনটোৱে উল্লেখ কৰে যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এনআৰচি সময়মতে প্ৰকাশ হ'ব লাগে। সম্পূৰ্ন এনআৰচিখনত যাতে কোনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয়, তাৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও দাবী জনায়।
 
আনহাতে এই সংবাদ মেলতে সংগঠনটোৱে বিষাক্ত চুলাই মদ সেৱন কৰি গোলাঘাটত সংঘটিত হোৱা মৰ্মান্তিক ঘটনাৰো উচিত তদন্তৰ দাবী জনায়। ইয়াৰ উপৰিও তেওঁলোকে কয় যে অসম চৰকাৰে কেৱল ৰাজহৰ কথা নাভাবি বিহাৰৰ আদর্শ গ্ৰহণ কৰি মদ সম্পূৰ্ন বন্ধ কৰিব লাগে। 
উল্লেখ যে আজিৰ সংবাদমেলত সংগঠটোৰ সভাপতি আব্দুল বাচিত, ৱাহিদৰ ৰহমান, চফেদ আহমেদ প্ৰমুখ্যে বিষয়ববীয়াসকল উপস্থিত থাকে৷ 

Your Comments