প্ৰচাৰ বিমুখ ৰাজ্যখনৰ লোকসঙ্গীতৰ শিল্পীসকলক এখন মঞ্চ দিয়াৰ লগতে অসমৰ লোকসঙ্গীতক বহুলভাৱে প্ৰচাৰ আৰু প্রসাৰৰ লক্ষ্যৰে অহা ২৩ আৰু ২৪ মাৰ্চত গুৱাহাটীত লোকসঙ্গীত সমাৰোহ আয়োজন। গণকণ্ঠৰ উদ্যোগত আয়োজন কৰা এই লোকসংগীতৰ সমাৰোহ অনুষ্ঠিত হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল প্ৰেক্ষাগৃহত।এই কথা আজি সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে লোকসঙ্গীত সমাৰোহৰ উদ্যাপন সমিতি মুখ্য উপদেষ্টা তথা লোকসংগীতৰ সাধক নন্দ বেনাৰ্জীয়ে।
সংবাদ মেলত তেওঁ কয় আমাৰ ৰাজ্যখনৰ লোকসংগীতৰ প্ৰকৃত সাধকসকল আৰ্থিকভাৱে দুৰ্বল আৰু প্ৰচাৰ বিমুখ। সেই দুৰ্বল আৰু প্ৰচাৰ বিমুখ লোকসংগীতৰ সাধকসকলক প্ৰচাৰৰ এখন মঞ্চ দিয়াৰ লগতে যিসমূহ লোকসংগীত বৰ্তমান সময়ত আমাৰ সমাজৰ পৰা হেৰাই গৈছে সেইসমূহ নতুন প্ৰজন্মৰ বাবে তুলি ধৰাৰ বাবে এই সমাৰোহ আয়োজন কৰা হৈছে।
ইয়াৰ উপৰিও তেওঁ জানিবলৈ দিয়ে যে এই লোকসংগীতৰ সমাৰোহত প্ৰয়োভৰ ঘটিব আমাৰ সমাজৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰা লোকবাদ্যসমূহ। সেই লোকবাদ্যসমূহক লৈ এই সমাৰোহতে বহু লোকসংগীত বাণীবদ্ধ কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে।
আনহাতে, এই সংবাদ মেলত আয়োজক সমিতি সদস্য তথা সত্ৰীয়া সংগীতৰ গুৰু ৰঞ্জু হাজৰিকাই কয় এই সমাৰোহৰ আন এটা উদেশ্য কথা। তেওঁ কয় এই সমাৰোহৰ জৰিয়তে ৰাজ্যখনৰ প্ৰকৃত লোকসংগীতৰ সাধকসকলক উলিয়াই আনি শিল্পী পেঞ্চনৰ বাবে চৰকাৰৰ ওচৰত দাবী জনোৱা প্ৰয়াস কৰাৰ কথাও।
আনহাতে, এই অনুষ্ঠানতে কামৰূপীয়া লোকসংগীতৰ সাধক তথা আয়োজক সমিতি উপ-সভাপতি বসন্ত পাটগিৰিয়ে উদ্দেগ প্ৰকাশ কৰি কয় বৰ্তমান সময়ত আমাৰ সমাজত প্ৰচলিত লোকসংগীতসমূহ এচাম শিল্পীয়ে নতুনত্ব দিয়া প্ৰয়াসৰ জৰিয়তে লোকসংগীতক বেসুৰীয়া কৰি তুলিছে। তাৰ বাবে এই সমাৰোহত লোকসংগীতসমূহ প্ৰকৃত বাদ্য প্ৰয়োভৰ ঘটাই বাণীবদ্ধ কৰাৰ বাবে তেওঁলোকে প্ৰয়াস কৰিব বুলি জানিবলৈ দিয়ে।
ইয়াৰ উপৰিও এই সংবাদ মেলত উপস্থিত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অসমৰ লোকসংগীতৰ শিল্পী জিনা ৰাজকুমাৰী, অনুষ্ঠানৰ সভাপতি ডঃ প্ৰফুল্ল বসুমতাৰী প্ৰমুখ্যে ভালে সংখ্যক ব্যক্তি। এই সংবাদ মেলৰ জৰিয়তে আয়োজক সমিতিয়ে অনুৰোধ জনায় কয় যে অসমৰ গাঁৱে-ভূঁঞে যিসকল লোকসংগীতৰ সাধক আজি প্ৰচাৰৰ বিমুখ হৈ আছে সেইসকলক এই অনুষ্ঠানলৈ আদৰণি জনাই।
লগতে অসমৰ প্ৰতিজন লোকসংগীতৰ শিল্পী-তথা ৰাইজক উক্ত দিন দুটাত আহি ওতঃপ্ৰোতভাৱে জড়িত হোৱা আহ্বান জনাই। ইফালে সকলো ৰাইজৰ সুবিধা হোৱাকৈ আয়োজক সমিতিয়ে ৰাইজৰ বাবে ইতিমধ্যে মুকলি কৰি দিছে ফোন নম্বৰো। সেই অনুযায়ী ৯৪৩৫১৯৮০৪২, ৯৪৩৫১১৫৮০০ এই নম্বৰ দুটাত যোগাযোগ কৰাৰ বাবে আহ্বান জনায়।
- Log in to post comments
- 22 views