পুলৱামা বৰ্বৰ কাণ্ডৰ পোতক তুলি পাক অধিষ্ঠিত সন্ত্ৰাসবাদী ঘাটিত ভাৰতীয় বায়ুসেনাই চলোৱা ২১ মিনিটৰ আক্ৰমণৰ সন্দৰ্ভত ভাৰতীয় বৈদেশিক সচিব বি কে গোখলে মন্তব্য। সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া পাকিস্তানলৈ এইয়া এক কূটনৈতিক সাৱধানবাণী। এই আক্ৰমণৰ বাবে ১৯-২২ ফেব্ৰুৱাৰীত নিৰ্ধাৰণ কৰা হৈছিল পৰিকল্পনা। এই সমগ্ৰ অভিযানতো সফল কৰি তোলা বাবে বায়ুসেনা প্ৰধানে নিজে ছোৱা-ছিটা কৰিছিল বুলিও উল্লেখ কৰে বৈদেশিক সচিবগৰাকীয়ে।
ইয়াৰ উপৰিও তেওঁ জানিবলৈ দিয়ে যে এই আক্ৰমণত ভাৰতীয় বায়ু সেনাই লেজাৰ গাইডেড বোমা ব্যৱহাৰ কৰাৰ কথা।
তেওঁ এই বুলিও কয় যে ভাৰতে এই আক্ৰমণ কৰি ভংগ কৰা নাই অন্তঃৰাষ্ট্ৰীয় আইন। এই আক্ৰমণৰ ফলত উক্ত অঞ্চলত থকা জঈছ-ই-মহম্মদৰ প্ৰশিক্ষণৰ এক বৃহৎ শিবিৰ সম্পূৰ্ণ ধ্বংস কৰা বুলিও তেওঁ কয়।
আক্ৰমত ৩০০ সন্ত্ৰাসবাদী উক্ত শিবিৰত মৃত্যু হোৱা বুলিও ব্যক্ত কৰে বৈদেশিক সচিবগৰাকীয়ে। লগতে তেওঁ পাকিস্তানক সক্ৰিয়নী প্ৰদান কৰি কয় যে ভাৰতে যিকোনো প্ৰত্যুত্তৰ দিবলৈ সম্পূৰ্ণ সাজু বুলিও।
- Log in to post comments
- 50 views